ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Violence in Manipur I মণিপুৰৰ ঘটনাত উদ্বিগ্ন আৰএছএছ, বিপৰীতে নীৰৱ মোডী

নিউজ ডেস্কঃ

News Desk by News Desk
June 19, 2023
Reading Time: 1 min read
A A
0
Violence in Manipur I মণিপুৰৰ ঘটনাত উদ্বিগ্ন আৰএছএছ, বিপৰীতে নীৰৱ মোডী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে কোভিড যুগত লকডাউন বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা কৰি দেশবাসীক সম্বোধন কৰাৰ সময়ত তেওঁৰ নাক আৰু মুখ ডিঙিত ওলমি থকা মণিপুৰী চাদৰেৰে ঢাকি ৰাখিছিল। কিন্তু মণিপুৰত হিংসাত্মক (Violence in Manipur) পৰিস্থিতিৰ ডেৰ মাহৰ পাছতো মৌনতা অৱলম্বন কৰি আছে প্ৰধানমন্ত্ৰীয়ে। দেওবাৰে প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ বাৰ্তা ‘মন কি বাত’ৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে তাত ‘মণিপুৰ কী বাত’ (Manipur ki Baat) কৰিবলৈ দাবী উত্থাপন হৈছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে মণিপুৰত হিংসা ৰোধ কৰাত কেন্দ্ৰ বা ৰাজ্যৰ বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ ব্যাখ্যা দিয়াতো বহু দূৰৰ, মণিপুৰৰ জনসাধাৰণক শান্তিৰ আহ্বানো নজনালে।

তাৎপৰ্যপূৰ্ণভাৱে আৰএছএছৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালেই এক বিবৃতি প্ৰকাশ কৰি কয় যে বিগত ৪৫ দিন ধৰি মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতি অতি চিন্তনীয়। কেন্দ্ৰীয় চৰকাৰ, স্থানীয় প্ৰশাসন, আৰক্ষী, সেনা, কেন্দ্ৰীয় সংস্থাসমূহক হিংসা বন্ধ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ লʼবলৈ অনুৰোধ জনায় তেওঁ। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, আৰএছএছে মোডী চৰকাৰৰ ব্যৰ্থতাকে আঙুলিয়াই দিছে নেকি? কংগ্ৰেছে অভিযোগ কৰিছে যে আৰএছএছ আচলতে দ্বিধাগ্ৰস্ত হৈ পৰিছে। আৰএছএছৰ মেৰুকৰণ আৰু বিভাজনৰ মতাদৰ্শৰ বাবেই বৈচিত্ৰময় উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱৰ্তন ঘটিছে। মণিপুৰ ইয়াৰ প্ৰধান উদাহৰণ।

 মণিপুৰৰ ঘটনা
মণিপুৰৰ ঘটনাত উদ্বিগ্ন আৰএছএছ, বিপৰীতে নীৰৱ মোডী

‘মন কি বাত’ত মোডীয়ে কয় যে প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কামৰ বহুতে শলাগ লয়। জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক লক্ষ্য কৰি লয়। তেওঁ গুজৰাটৰ কচ্ছৰ জনসাধাৰণক প্ৰশংসা কৰে যে তেওঁলোকে ঘূৰ্ণীবতাহৰ লগত মোকাবিলা কৰিছে। কিন্তু মণিপুৰৰ বিষয়ে এটা শব্দও উচ্চাৰণ কৰা নাছিল। মণিপুৰৰ ৰাজপথত দেখা গৈছে যে প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ৰ সময়ত মানুহে ৰেডিঅ’ ভাঙিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰী মোডীক অটল বিহাৰী বাজপেয়ীৰ সৈতে সুৰ মিলাই ‘ৰাজধৰ্ম’ পালন কৰিবলৈ কয়। তেওঁ অভিযোগ কৰে যে মোডীয়ে মণিপুৰ সন্দৰ্ভত এটা শব্দও উচ্চাৰণ কৰা নাছিল, নিজে কোনো বৈঠক অনুষ্ঠিত কৰা নাছিল, সৰ্বদলীয় প্ৰতিনিধি দলকো সাক্ষাৎ কৰা নাছিল।

বিৰোধীৰ অভিযোগ যে যেতিয়াই তেওঁৰ চৰকাৰখন বিপদত পৰে তেতিয়াই নৰেন্দ্ৰ মোডীয়ে নিজৰ মুখ লুকুৱাই ৰাখিবলৈ আৰু দায়িত্বৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেনৰ অভাৱ, লাডাখত চীনে ভাৰতীয় ভূমি বেদখল কৰা বা যৌন নিৰ্যাতনৰ অভিযোগত বিজেপি সাংসদৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুৰ প্ৰতিবাদ— মোডীয়ে কোনো কথাতে মুখ খোলা নাই। ইমান দিনে তেওঁ উত্তৰ-পূৰ্বাঞ্চলত নিজৰ চৰকাৰৰ সফলতাৰ ঢোল পিটি আহিছে। কিন্তু ডেৰ মাহ ধৰি মণিপুৰত অশান্তিৰ মাজতো প্ৰধানমন্ত্ৰীয়ে শান্তিৰ আহ্বান নকৰিলে। মণিপুৰলৈ যোৱাটো বহু দূৰৈৰে কথা।

Tags: Manipur ki BaatManipurViolenceমণিপুৰতহিংসা
Share4Tweet3Send

Related Posts

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

by News Desk
June 25, 2026
50
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

by News Desk
June 23, 2026
50
Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
ADVERTISEMENT
Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ
National-International

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

June 26, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

June 26, 2026
50
France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ
National-International

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

June 26, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

June 26, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

June 26, 2026
France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx