![]()
এইবাৰ ভাৰতীয় মল্লযুঁজাৰু (Wrestler) সন্থাৰ মুৰব্বী ব্ৰিজ ভূষণ চৰণ সিঙৰ (Brij Bhushan Sharan Singh) বিৰুদ্ধে যুঁজ দি থকা মল্লযুঁজাৰুসকলৰ মাজতে আৰম্ভ হৈছে বাকযুদ্ধ৷ সাক্ষী মালিক (Sakshi Malik) আৰু ববিতা ফোগাটৰ (Bobita Phogat) মাজত আৰম্ভ হৈছে অভিযোগ-প্রতি অভিযোগ৷ তাৰ মাজত আকৌ ৰাজনীতিও প্ৰৱেশ কৰিছে। সাক্ষীয়ে অভিযোগ কৰে যে বিজেপি নেত্ৰী ববিতাই নিজৰ স্বাৰ্থ পূৰণৰ বাবে মল্লযুঁজাৰুসকলক ব্যৱহাৰ কৰিছে। ববিতাই এই অভিযোগ প্ৰতিহত কৰি কয় যে সাক্ষী কংগ্ৰেছৰ পুতলা হৈ পৰিছে।













