ASSAM TIMES POST
ডিফুঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে ৰাজ্যৰ সৰহ সংখ্যক দল- সংগঠনৰ প্ৰতিবাদক ভৰিৰে মোহাৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত জাতিধ্বংসী ৰূপে অভিহিত বিধেয়কখনত অনুমোদন জনোৱাৰ পিছত ৰাজ্যজুৰি ক্ষোভৰ অগণি দুগুণে জলিব ধৰিছে ৷ কাৰবি আংলং জিলাত আজিও বিতৰ্কিত বিধেয়ক খনৰ বিৰুদ্ধে দেখা গল তীব্ৰ প্ৰতিবাদ ৷ আজি হাওৰাঘাটত কাৰবি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বৃহৎ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ কৰা দেখা যায় ৷ হাওৰাঘাটৰ মূল চাৰিআলিত পুৱা দহ বজাৰ পৰা ছাত্ৰ সংগঠনটোৰ ভালেমান কৰ্মী অৱস্থান কৰি বাংলাদেশী নাগৰিকক সংস্থাপন কৰাৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

প্ৰতিবাদকাৰী সকলে ‘ বিজেপিৰ দাদাগিৰি নচলিব, আছু জিন্দাবাদ, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হায়, হায়, নৰেন্দ্ৰ মোডী হায়, হায়, সৰ্বানন্দ সোণোৱাল গ’ বেক ‘ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷ আনহাতে আজি হাওৰাঘাটত ছাত্ৰ সংগঠনটোৰ সৈতে বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিতৰ্কিত বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰে সুদূৰ জাৰ্মানীৰ পৰা অহা এজন পৰ্যটকে ৷

বিশেষ এক জৰীপৰ বাবে অসমলৈ অহা জাৰ্মানৰ ক্লীন্সমেন নামৰ পৰ্যটক গৰাকীয়ে বিধেয়ক খনৰ বিষয়ে সবিশেষ জানিব পাৰি ইয়াৰ ফলত অসমীয়া জাতিয়ে ভুগিবলগীয়া সংকট অনুধাৱন কৰিয়েই বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা বুলি ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা জনাইছে ৷ বিধেয়ক বিৰোধী শ্লোগানৰ প্লেকাৰ্ড হাততলৈ যুৱ পৰ্যটক গৰাকীয়ে ‘আছু’ ৰ সৈতে প্ৰতিবাদত অংশ গ্ৰহণ কৰাৰ লগতে পৰৱৰ্তী সময়তো একে স্থিতি গ্ৰহণ কৰিব বুলি জানিব দিছে ৷ আজিৰ বিক্ষোভ কাৰ্যসূচীত কাৰবি আংলং জিলা ছাত্ৰ সন্থাৰ উপসভাপতি দীপজ্যোতি দাস সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চে, মুখ্য সাংগঠনিক সম্পাদক মুকুল হাজৰিকা হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুভাষ বৰাকে ধৰি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ৷ কেবৰ বিৰুদ্ধে ৰাজ্যত দুগুণে জলিছে ক্ষোভৰ অগণি ৷ হাওৰাঘাটত কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল জাৰ্মানীৰ পৰ্যাটক।











