![]()
কাৰবি আংলং জিলাৰ বৰপথাৰ থানা (Barpathar Police Station in Karbi Anglong district) এলেকাৰ খাকৰাজানত উদ্ধাৰ (Seized in Khakrajan) বৃহৎ পৰিমানৰ গাঞ্জা (Ganja)৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত আজি পুৱা ৮-৩০ মান বজাত বৰপথাৰ থানাৰ অ’চিৰ নেতৃত্বত লগতে থানা ষ্টাফ আৰু চি-20 চিআৰপিএফ দলৰ সহযোগত খাকৰাজান নাকা পইণ্টত এক বিশেষ নাকা স্থাপন কৰা হয় ৷ উক্ত সময়ত ডিমাপুৰ দিশৰ পৰা আহি থকা AS21-C 9426 যাত্ৰীবাহী বাছত তালাচী চলাই প্লাষ্টিকত মেৰিয়াই অনা অৱস্থাত এগৰাকী যাত্ৰীৰ পৰা ৮৫.১৯ কেজি গাঞ্জা উদ্ধাৰ (85.19 kg ganja recovered) কৰিবলৈ সক্ষম হয় ৷

জব্দকৃত গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে হোজাই জিলাৰ লংকা থানা এলেকাৰ সন্তোষ পণ্ডিতৰ পুত্ৰ প্ৰেম’ পণ্ডিতক আটক কৰিবলৈ সক্ষম হৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷












