দেওবাৰৰ পৰা উত্তপ্ত হৈ আছে মহাৰাষ্ট্ৰ (Maharastra)। তীৰ্থযাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনাক (Police lathi charge on pilgrims) কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি, তেওঁলোকক মন্দিৰত প্ৰৱেশ কৰাত বাধা (Barriers to entry to the temple) প্ৰদান কৰা হয়। এইবাৰ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনাভিছে এই লাঠিচালনাৰ অভিযোগ অস্বীকাৰ কৰে।
আলণ্ডীৰ শ্ৰীক্ষেত্ৰ মন্দিৰ চৌহদৰ পৰাই এই ঘটনা আৰম্ভ হয়। তীৰ্থযাত্ৰীসকল তাত গোট খাই তাৰ পৰা পান্ধৰপুৰৰ মন্দিৰলৈ যোৱাৰ পৰিকল্পনা আছিল। কিন্তু কৰ্তৃপক্ষই প্ৰায় ৫০০ তীৰ্থযাত্ৰীক মন্দিৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। ৭৫ জন লোকক প্ৰৱেশৰ অনুমতি দিয়া হʼব বুলি জনোৱা হয়। ইয়াৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
এই ঘটনাক লৈ বিৰোধীয়ে শিণ্ডে চৰকাৰৰ দিশে আঙুলি টোঁৱাইছে। তীব্ৰ কটাক্ষ কৰে সঞ্জয় ৰাউটে। অৱশ্যে পৰিস্থিতি চম্ভালিবলৈ নিজে নামিছে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকী। যোৱা বছৰ এই স্থানত পদপিষ্ট হৈ বহু মানুহৰ মৃত্যু হোৱা বুলি তেওঁ কয়। এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বহু তীৰ্থযাত্ৰীক একেলগে প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল।