কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)য়ে দহদিনীয়া আমেৰিকা ভ্ৰমণ (visit to the UNITED States)ত আছে। আমেৰিকাত আত্মবিশ্বাসী ৰাহুলে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ঠাইত ঐক্যবদ্ধ বিৰোধী মিত্ৰজোঁটে স্থান লাভ কৰিব। ৱাশ্বিংটনৰ নেচনেল প্ৰেছ ক্লাবত সাংবাদিকৰ সন্মুখত ৰাহুলে কয় যে পৰৱৰ্তী লোকসভা নিৰ্বাচনত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিব বুলি মোৰ বিশ্বাস। মানুহক আচৰিত কৰিব পৰা ফলাফল হ’ব। ঐক্যবদ্ধ বিৰোধী মিত্ৰজোঁটে বিজেপিক পৰাস্ত কৰিব।
উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনলৈ এবছৰো বাকী নাই। কংগ্ৰেছে নিয়মিতভাৱে বিৰোধী দলৰ সৈতে বৈঠকত মিলিত হয় বুলি ৰাহুলে কয়। তেওঁ কয়, “বিৰোধী একত্ৰিত। আমি সকলো বিৰোধী দলৰ সৈতে বৈঠকত মিলিত হৈছো। যাৰ সুদূৰপ্ৰসাৰী ফলাফল আশাব্যঞ্জক হʼব পাৰে। কামটো জটিল। কিন্তু অসম্ভৱ নহয়। অৱশ্যে এক বৃহৎ ঐক্যবদ্ধ বিৰোধী মিত্ৰজোঁট গঢ়ি তোলা সম্ভৱ হʼব বুলি মই আশাবাদী।”