উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ (Gorakhpur in Uttar Pradesh) এগৰাকী ১১ বছৰীয়া কিশোৰীক (11-year-old girl) আটক কৰি দুবছৰ ধৰি ধৰ্ষণ (Rape for two years) কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ লাটুৰৰ পৰা গ্ৰেপ্তাৰ হয় এজন যুৱক (youth arrested in Latur)। ফেচবুকত দুয়োৰে বন্ধুত্ব গঢ় লৈ উঠিছিল। ইয়াৰ পিছত অভিযুক্তই নাবালিকাক মহাৰাষ্ট্ৰলৈ মাতি আনি দুবছৰ ধৰি এই ঘটনা সংঘটিত কৰে।
২০২১ চনৰ ২৪ ডিচেম্বৰত গোৰখপুৰত নিৰুদ্দেশ নাবালিকা ছোৱালীৰ এজাহাৰ দাখিল কৰা হৈছিল। নাবালিকাৰ কোঠাত ঘৰৰ সদস্যই তালাচী চলাই দুটা মোবাইল নম্বৰ উদ্ধাৰ কৰে। নাবালিকাৰ ঘৰৰ পৰা তেওঁৰ এটা নম্বৰত ফোন কৰা হৈছিল। পৰিয়ালৰ লোকে জনোৱা মতে, এজন যুৱকে ফোনটো উঠায়। নিজকে হায়দৰাবাদৰ শ্বেখ বুলি পৰিচয় দি তেওঁ কয় যে নাবালিকাগৰাকী এতিয়াও তেওঁৰ লগত আছে আৰু তেওঁ ঘৰলৈ উভতি যাব নিবিচাৰে। গতিকে পৰিয়ালৰ লোকসকলকো ফোনযোগে তেওঁক ঘূৰাই পোৱাৰ আশা এৰি দিবলৈ কয়।
ইয়াৰ পিছতে ঘৰৰ মানুহৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। উক্ত মোবাইল নম্বৰটোৰ স্থান অনুসৰণ কৰি দেখে যে মহাৰাষ্ট্ৰৰ লাটুৰৰ পৰা নম্বৰটো ব্যৱহাৰ কৰা হৈছে। সেই অনুসৰি আৰক্ষীয়ে মহাৰাষ্ট্ৰলৈ গৈ অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে। সোধা-পোছাৰ অন্তত আৰক্ষীয়ে গম পায় যে অভিযুক্তই আগতে গোৰখপুৰত বাস কৰিছিল।
তাতে ফেচবুকৰ আধাৰত নাবালিকাগৰাকীক লগ পায়। লাহে লাহে সেই পৰিচয় এটা শাৰীৰিক সম্পৰ্কলৈ গঢ় লৈ উঠে। এই সম্পৰ্কৰ দোহাই দি যুৱকজনে নাবালিকাগৰাকীক লাটুৰলৈ লৈ যায়। বিগত দুবছৰ ধৰি নাবালিকাগৰাকীক ঘৰত আবদ্ধ কৰি ৰাখি ধৰ্ষণ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে অভিযুক্তই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ট্ৰেনজিট ৰিমাণ্ডত অভিযুক্তক গোৰখপুৰলৈ লৈ যায়। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।