২০০০ টকীয়া নোট (2000 Note) বিনিময় কৰিবলৈ খৰখেদা কৰিব নালাগে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে জনসাধাৰণক আশ্বাস দি সোমবাৰে এই কথা জনায়। গোলাপী ৰঙৰ এই টকা সলনি (Change of money) কৰিবলৈ ‘পৰ্যাপ্ত’ সময় আছে বুলিও তেওঁ সোঁৱৰাই দিয়ে। আনকি তেওঁ কয় যে ৩০ ছেপ্টেম্বৰত নোট বিনিময়ৰ সময়সীমা শেষ হোৱাৰ পাছতো ২০০০ টকীয়া নোট অবৈধ নহʼব। কিন্তু নোট সলনি কৰাৰ বাবে কিয় নিৰ্দিষ্ট সময়সীমাৰ কথা উল্লেখ কৰা হৈছে সেই কথাও তেওঁ বুজাই দিয়ে।
সোমবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি আৰবিআইৰ গভৰ্ণৰ (Governor of RBI)গৰাকীয়ে কয়, “এই সময়ত বেংকত খৰখেদা কৰাৰ প্ৰয়োজন নাই। নোট বিনিময় কৰিবলৈ আপোনালোকৰ হাতত চাৰিমাহ আছে।” এই প্ৰসংগত তেওঁ জনায় যে ২০০০ টকীয়া নোট ৩০ ছেপ্টেম্বৰৰ পিছতো ‘অবৈধ’ নহʼব।
কিন্তু নোট বিনিময়ৰ বাবে ৩০ ছেপ্টেম্বৰৰ সময়সীমা কিয় নিৰ্ধাৰণ কৰা হʼল বুলি সোধাত তেওঁ যুক্তি আগবঢ়ায় যে এনে কৰা হৈছে যাতে মানুহে বিষয়টোক গুৰুত্বসহকাৰে লয়। গোলাপী নোট বিলুপ্তিৰ সন্দৰ্ভত দেশৰ শীৰ্ষ বেংকৰ সৰ্বোচ্চ বিষয়াগৰাকীয়ে প্ৰথমবাৰৰ বাবে এনে বক্তব্য প্ৰকাশ কৰিছে। ২০০০ টকীয়া নোট বজাৰৰ পৰা আঁতৰাই দিয়া হʼব বুলি চৰকাৰৰ এই ঘোষণাৰ পাছতে বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ স্মৃতি ঘূৰি আহিছে।
যোৱা দেওবাৰে ষ্টেট বেংকে জনাইছিল যে ২০০০ টকীয়া নোট জমা বা বিনিময় কৰিবলৈ কোনেও কোনো পৰিচয়-পত্ৰ দেখুৱাব নালাগে, কোনো নিৰ্দিষ্ট প্ৰ-পত্ৰও পূৰণ কৰিব নালাগে। কিন্তু ষ্টেট বেংকে কয় যে মুঠ দহখন ২০০০ টকীয়া নোট অৰ্থাৎ ২০ হাজাৰ টকা বেংকত জমা কৰিব পাৰিব বা একে সময়তে বিনিময় কৰিব পাৰিব।