সমুদ্ৰ বিহাৰ কৰিবলৈ গৈ একেটা পৰিয়ালৰ ৬ জন সদস্য সাগৰত ডুবি যায় (Six members drown in the sea)। শুকুৰবাৰে নিশা গুজৰাটৰ দাহাজ (Dahaj of Gujarat) সমুদ্ৰতীৰত সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে জনোৱা অনুসৰি, এটা পৰিয়াল গুজৰাটৰ ভাৰুচৰ দাহাজ সমুদ্ৰতীৰ ভ্ৰমণৰ বাবে গৈছিল। তেওঁলোকৰ ঘৰ কাষৰে এখন গাঁৱত। একেটা পৰিয়ালৰ কেইবাজনো সদস্য সাগৰত গা ধুবলৈ গৈ উটি যায়। ইয়াৰে ছয়জন ডুব যায়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে।
জানিব পৰা মতে, চিকিৎসালয়ত এতিয়াও ২জন লোক চিকিৎসাধীন হৈ আছে। ভাৰুচৰ ডিএছপি লীনা পাটিলে কয়, “এটা পৰিয়ালৰ কেইজনমান সদস্য ভ্ৰমণৰ বাবে আহিছিল। ইয়াৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দুজন। তেওঁলোকৰ শাৰীৰিক অৱস্থা এতিয়াও সংকটজনক।”