২০১১ চনৰ ২৮ মাৰ্চ। হোলীৰ দিনা চুবুৰীটোৰ ৰাজপথত খেলি আছিল এগৰাকী তিনি বছৰীয়া কন্যাই। তিনিজন যুৱকে আহি তেওঁৰ ওপৰত এচিড নিক্ষেপ (Acid throw) কৰে।সৰু কোমল মুখখন লগে লগে জ্বলি যায়। সুন্দৰ পৃথিৱীখন ভালদৰে নেদেখোতেই দুচকুলৈ নামি আহে অন্ধকাৰ।
তাৰ পৰৱৰ্তী ছবছৰৰ কথা মনত পেলালে কঁপি উঠে পৱন আৰু তেওঁৰ পত্নী (Pawan and his wife)। দেশৰ এনে কোনো এখন চিকিৎসালয় নাই, যিখনত তেওঁলোকে প্ৰৱেশ কৰা নাছিল!
কেৱল কন্যাৰ দৃষ্টিশক্তি (Eyesight) ঘূৰাই পাবলৈকে দেশৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে দৌৰিছিল। কিন্তু সেই দুৰ্ভগীয়া কন্যাজনীয়েই আজি জিলিকি উঠিছে দেশৰ সন্মুখত।
চিবিএছই (CBSE)ৰ দশম শ্ৰেণীৰ (X class result) পৰীক্ষাত তেওঁ ৯৫.২০ শতাংশ (95.20%) লাভ কৰি নিজৰ বিদ্যালয়খনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে।
নিজৰ সাফল্যৰ পিছত সংবাদ মাধ্যমৰ আগত কন্যাগৰাকীয়ে কয়, “মোৰ জীৱনত এনে এটা সময় আছিল, যেতিয়া মই ভাবিছিলো যে সকলো শেষ হৈ গৈছে। কিন্তু মা-দেউতাই আশা হেৰুৱাব দিয়া নাছিল। যিসকলে মোক এনেকুৱা অৱস্থা কৰিলে, যিসকলে মোৰ দৃষ্টিশক্তি কাঢ়ি নিলে, মোৰ জীৱনলৈ অন্ধকাৰ আনিলে, আজি মই তেওঁলোকক মুখৰ আগত উত্তৰ দিব পাৰো। মই তেওঁলোকক এই বাৰ্তাটো দিব বিচাৰো- তোমালোকে মোৰ চকু দুটা কাঢ়ি নিব পাৰিবা, কিন্তু মোৰ লক্ষ্য কাঢ়ি নিব নোৱাৰা। মই পেলনীয়া সামগ্ৰী নহয়।”
এইগৰাকী বিজয়িনীয়ে ভৱিষ্যতে আইএএছ বিষয়া হʼব বিচাৰে। আৰু সেই সপোনে পূৰণ কৰাই এতিয়া তেওঁৰ লক্ষ্য।
কাফি! হয়, পৰিয়ালৰ লোকে জন্মৰ পিছত কন্যা সন্তানটিৰ নাম ৰাখিছিল কাফি (The girl’s name is Kafi)। কিন্তু কিয়? কাৰণ তেওঁলোকৰ বাবে এটা সন্তানেই যথেষ্ট। আৰু সন্তান নালাগে। এটা শিশুৱেই তেওঁলোকৰ পৰিয়ালটো সম্পূৰ্ণ কৰিলে।
গতিকে সেই অৰ্থ প্ৰকাশ কৰিবলৈকে কন্যা সন্তানটি জন্মৰ পিছত নাম দিয়া হয় কাফি। তেওঁলোকৰ প্ৰথম বাসস্থান আছিল হাৰিয়ানাৰ হিছাৰ (Hisar of Haryana)। পিতৃ পৱনৰ এখন সৰু দোকান আছিল। সেইখনেৰে কেনেবাকৈ পৰিয়ালটো চলি গৈছিল। কাফিও সৰুৰে পৰা অতি মৰমিয়াল আছিল।
কিন্তু মাত্ৰ তিনি বছৰ বয়সতে কাফিৰ জীৱনলৈ নামি আহে এটা দুৰ্বিষহ দিন। তেওঁক এচিডেৰে আক্ৰমণ কৰা হয়। কিন্তু তাতোকৈ দুখৰ কথা, দুবছৰৰ পাছতেই অভিযুক্ত দোষমুক্ত হৈ মুকলি আকাশৰ তললৈ ওলাই আহে।
কাফিৰ পিতৃ পৱনে কয়, “আৰক্ষীয়ে অতি দুৰ্বল গোচৰ ৰুজু কৰিছিল। আমি কাফিৰ সৈতে হস্পিতালত ব্যস্ত হৈ থাকোঁতে, এই ঘটনাৰ দুবছৰৰ পাছত আমি শুনিছিলো যে অভিযুক্তক দোষমুক্ত কৰা হৈছে।” ২০১৯ চনতো পৱনে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। কিন্তু সেই গোচৰটো এতিয়াও ফাইলতে বন্দী হৈ পৰি আছে। পৱনৰ ভাষাত, “ছবছৰ ধৰি আমি যুঁজিয়ে আছোঁ।”