ASSAM TIMES POST
ডিফু : কাৰ্বি আংলং জিলাৰ ফুলনিত ফুলনি ভেটাৰেণ ফুটবল ক্লাবৰ উদ্যোগত ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত দেওবাৰে বিয়লি চিৰিন্তি ক্লাব ডিফু বনাম ফুলনি চিৰিন্তি ক্লাবৰ মাজত এখনি প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতা খনিৰ শুভ উদ্বোধন কৰে ক্ৰমে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এম এ চি দৰছিং ৰংহাং , অল ইণ্ডিয়া মাষ্টাৰ গেম এছচিয়েছনৰ যুটীয়া সম্পাদক ধনছিং ৰংপি, হাওৰাঘাট উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া বিশ্বজিত ৰংপি ,অসম ফুটবল সন্থাৰ প্ৰাক্তন ৰেফাৰী কাংবুৰা তিমুং আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক কংলং ক্র’ আদিয়ে । উক্ত খেলৰ নিৰ্ধাৰিত সময় অনুসৰিত ডিফু চিৰিন্তি ক্লাবৰ ৰুদ্ৰ কিলিঙে এক মাত্ৰ গ’ল প্ৰদান কৰি ১-০ গ’লৰ ব্যৱধানত ফুলনি ভেটাৰেণ ক্লাবক পৰাস্ত কৰি ডিফু চিৰিন্তি ক্লাবে বিজয়ৰ সন্মান অৰ্জন কৰে ।













