কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ (Union Ministry of Health) অধীনস্থ সচিব পৰ্যায়ৰ এজন বিষয়াক (Secretary-level officer) উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrested CBI on charges of bribery) কৰে চিবিআয়ে।কেন্দ্ৰীয় তদন্ত সংস্থাৰ তথ্য অনুসৰি, আমেৰিকাত বাস কৰা এজন ভাৰতীয় চিকিৎসকৰ অভিযোগৰ ভিত্তিত সোনু কুমাৰ নামৰ স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে।
চিবিআইৰ অভিযোগ যে ধৃত বিষয়াজনে চিকিৎসকজনৰ পৰা ডেৰ লাখ টকাৰ উৎকোচ লৈছে।চিবিআইৰ সূত্ৰ অনুসৰি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শেহতীয়াকৈ এক নিৰ্দেশ জাৰি কৰিছে যে ভাৰতীয় চিকিৎসকে উচ্চ শিক্ষাৰ বাবে বহিঃৰাষ্ট্ৰলৈ যাব বিচাৰিলে চৰকাৰী অনুমোদনৰ প্ৰয়োজন হʼব।
সেই ক্লিয়াৰেন্স পোৱাৰ প্ৰতিশ্ৰুতি দি সোনুৱে ১.৫ লাখ টকা লৈছিল। চিবিআইৰ অভিযোগ যে ইয়াৰ পিছত তেওঁ বন্ধুৰ ই-মেইলৰ জৰিয়তে চিকিৎসকলৈ প্ৰাসংগিক নথি-পত্ৰ প্ৰেৰণ কৰে।