সঁচাকৈ অৱসৰ ল’বনে মহেন্দ্ৰ সিং ধোনীয়ে (MS Dhoni)? অৱশ্যে, ক্ৰিকেটাৰ গৰাকীয়ে এই বিষয়ে পোনপটীয়াকৈ কোনো ধৰণৰ মন্তব্য নকৰিলেও কেৰিয়াৰৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ বুলি বহুবাৰ প্ৰকাশ কৰি আহিছে। তেওঁ এইবাৰ শেষৰখন আইপিএল (IPL)খেলিছে বুলি ইতিমধ্যে বহু অনুৰাগীয়ে দুখ প্ৰকাশ কৰাও দেখিবলৈ পোৱা গৈছিল।
মহেন্দ্ৰ সিং ধোনী এনে এগৰাকী খেলুৱৈ, যি ফিল্ডত অহাৰ লগে লগেই হৰ্ষধ্বনি আৰম্ভ হৈ পৰে। তেখেতৰ খেল উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰৈ থকাও দেখা যায়। তেনে সময়ত, তেখেতৰ অৱসৰ কথা আহিলেই দুখ লগাটো একেবাৰে নিশ্চিত কথা।
কিন্তু শেহতীয়া মেচ খনত সঞ্চালক ডেনী মেৰিছনে তেওঁক অৱসৰৰ সন্দৰ্ভত প্ৰশ্ন কৰাত ক্ৰিকেটাৰ গৰাকীয়ে উত্তৰত কয় যে, “আপোনাৰ পৰা জানিলো যে মই এইবাৰ শেষৰখন আইপিএল খেলি আছোঁ। মইটো এইবিষয়ে একো মন্তব্যই কৰা নাই।” – এনেদৰে মন্তব্য কৰিয়েই তেওঁ হাঁহি মাৰি আঁতৰি যায়। ধোনীৰ এই কথাখিনিয়ে এতিয়া সকলোৰে মনত প্ৰশ্নৰ উত্থান কৰিছে যে তেওঁ সঁচাকৈ অৱসৰ ল’বনে?