“কল্পনাই কৰা নাছিলো…।” কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ সাংসদ পদ হেৰুওৱা সন্দৰ্ভত নিজৰ মতামত এনেদৰে প্ৰকাশ কৰে।
বৰ্তমান আমেৰিকাৰ তিনিখন চহৰ ভ্ৰমণৰ বাবে আমেৰিকাত আছে ৰাহুল গান্ধী (Rahul Gandhi in America)। বুধবাৰে কেলিফ’ৰ্ণিয়াৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত (Stanford University, California) ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁ সংসদৰ সদস্য পদৰ পৰা বৰ্খাস্ত (Dismissed as a member of Parliament) হোৱাৰ বিষয়ে মুকলিকৈ কয়। ৰাহুল গান্ধীয়ে কয়, যেতিয়া তেওঁ ৰাজনীতিত যোগদান কৰিছিল তেতিয়া তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁৰ সাংসদ পদক এনেদৰে বৰ্খাস্ত কৰিব পৰা যাব। একে সময়তে তেওঁ কয় যে এই পৰিস্থিতিয়ে তেওঁক ৰাইজক অধিক সেৱা কৰাৰ সুযোগ দিছে। ৰাহুলে লগতে কয়, “এইটো মোৰ বাবে এটা ডাঙৰ সুযোগ। আগতে কৰিবলৈ সুযোগ পোৱা যিকোনো কামতকৈও হয়তো ডাঙৰ। ৰাজনীতি এনেদৰেই চলি থাকে।”
ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতি থাকোঁতে ৰাহুলে কয়, “ইয়াত ভাৰতীয় যুৱ ছাত্ৰৰ দল এটা আছে। তেওঁলোকৰ লগত কথা পাতিব বিচাৰো। এইটো মোৰ অধিকাৰ।” ভাৰত জোড়ো যাত্ৰাৰ কথাও উল্লেখ কৰে তেওঁৰ বক্তব্যত। উল্লেখযোগ্য যে ২০১৯ চনত হোৱা মোডী উপাধিৰ বিতৰ্কৰ বাবেই চলিত বৰ্ষৰ আৰম্ভণিতে ৰাহুল গান্ধীক আদালতে দোষী সাব্যস্ত কৰে। ইয়াৰ পিছতে ৰাহুলৰ লোকসভাৰ সাংসদ পদ নাকচ কৰা হয়। সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত ৰাহুল গান্ধীয়ে নিজৰ চৰকাৰী বাসগৃহ এৰি দিয়ে। তাৰ পিছত এয়া হৈছে তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ।