উদ্বেগ বৃদ্ধি কৰি এদিনতে দৈনিক কৰোনা সংক্ৰমণৰ (Corona infection) সংখ্যা ২০ শতাংশ বৃদ্ধি পালে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন (Union Health Ministry Bulletin) অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১২,৫৯১ জন নতুনকৈ কৰোনা আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ২৯ জন লোকৰ মৃত্যু (29 people died) হৈছে। ইয়াৰে ৰাজধানী দিল্লীত ৬ জন, মহাৰাষ্ট্ৰত ৪ জন আৰু উত্তৰ প্ৰদেশত ৪ জন লোকৰ মৃত্যু হৈছে।
বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত এতিয়া দেশত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৫,২৮৬ জনলৈ বৃদ্ধি পাইছে।এই পৰ্যন্ত দেশত মুঠ ৪ কোটি ৪৮ লাখ ৫৭ হাজাৰ ৯৯২ জন লোক কৰোনাত আক্ৰান্ত হৈছে। ৪ কোটি ৪২ লাখ ৬১ হাজাৰ ৪৭৬ জন লোকে আৰোগ্য লাভ কৰিছে কৰোনাত।
অৱশ্যে চিকিৎসকৰ দাবী, এই পৰিস্থিতিত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ উপৰি চিকিৎসকে কোভিডৰ প্ৰয়োজনীয় নিয়ম মানি চলি বুষ্টাৰ ভেকচিন লোৱাৰো পৰামৰ্শ দিয়ে।চিকিৎসকৰ ধাৰণা XBB.1.16 ৰ Omicron ৰূপৰ কোভিড বাবেই সমগ্ৰ দেশতে পুনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে।