আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু (Rongali Bihu)। অসমৰ বাপতি সাহোন এই ৰঙালী বা ব’হাগ বিহুৰ বাবে এতিয়া ৰাজ্যবাসীৰ গা থৌকি-বাথৌ । স্মৰণাতীত কালৰে পৰা অসমবাসী তথা অসমীয়াই পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰি আহিছে ৰঙালী বিহু । বিশেষকৈ কৃষিপ্ৰধান অসমৰ চহা প্ৰাণৰ হেঁপাহৰ উৎসৱ হৈছে এই ৰঙালী বিহু ।
চহা কৃষকে কৃষিকাৰ্যলৈ আগবঢ়াৰ পূৰ্বে এই উৎসৱ আয়োজন কৰি নিজৰ তন-মন সতেজ কৰি ল’ব বিচাৰে । আনহাতে, ব’হাগ হৈছে অসমীয়া কেলেণ্ডাৰৰ প্ৰথমটো মাহ । অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি মাহ হৈছে এই ব’হাগ মাহ । সেয়ে নতুন বছৰৰ আদৰণি উৎসৱো ইয়াৰ এক বিশেষত্ব । এই ব’হাগ মাহৰ আছে বহু বিশেষত্ব । ব’হাগৰ হাত ধৰিয়েই গছ-বন-লতিকাত কুঁহিপাতৰ আৱৰণে সেউজ ৰং ধাৰণ কৰে ।
ব’হাগ মাহতে পালন হ’লেও প্ৰতিটো জাতি-জনগোষ্ঠীৰে ইয়াৰ পালনৰ পৰম্পৰা সুকীয়া । কিন্তু ভিন্নতাৰ মাজতো একতাৰ এক সুন্দৰ নিদৰ্শন ফুটি ওলায় এই ৰঙৰ উৎসৱ ৰঙালী বিহুত । সেয়ে আজিও আমাৰ একেটাই আহ্বান- ব’হাগৰ প্ৰেম আৰু ভাতৃত্ববোধেৰে ৰঙীয়াল হৈ ৰঙালী বিহুৰ মাদকতা চৌদিশে ছটিয়াই দিওঁ আহক । যাৰ পৰশ পাই ফুলি উঠক আমাৰ মনৰ ভিন্নৰঙী ফুলনিডৰা, য’ত সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বীয়ে একেলগে একেখন সমাজৰ সুবাসেৰে সুবাসিত হৈ থাকিব । সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।