দিল্লী (delhi) ত টোপনিতে শ্বাসৰুদ্ধ হৈ মৃত্যু (Death due to suffocation in sleep) হয় একেটা পৰিয়ালৰ ৬ জন সদস্যৰ। ঘটনাৰ কাৰণৰ তদন্তত কাৰ্বন মনোক্সাইড গেছৰ বাবে শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই খবৰ সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে। কিন্তু এই গেছ কʼৰ পৰা আহিল? ৬ জন শুই থকা কোঠাটোত মহৰ ধূপ (Mosquito Dhoop) জ্বলি আছিল। আৰক্ষীৰ তথ্য অনুসৰি, ধূপৰ পৰা নিৰ্গত বিষাক্ত গেছৰ বাবেই ৬ জন লোকৰ মৃত্যু হয়।
উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্ক (Shastri Park) এলেকাত সংঘটিত হয় এই ঘটনা। শুকুৰবাৰে পুৱা স্থানীয় ৰাইজে আৰক্ষীক জনোৱা মতে, ঘৰটোৰ সদস্যসকলক মতাৰ পিছতো কোনেও দুৱাৰ নোখোলে। পিছত আৰক্ষী সেই স্থানত উপস্থিত হৈ দুৱাৰ ভাঙি ৬ জন লোককে এটা কোঠাত অচেতন অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।
লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। এনে পৰিপ্ৰেক্ষিতত উত্তৰ-পূব দিল্লী আৰক্ষীৰ উপ আয়ুক্তই কয়, “ঘৰৰ সকলো দুৱাৰ-খিৰিকী ৰাতি বন্ধ হৈ আছিল। সৰু কোঠাটোত মহৰ ধূপ জ্বলি আছিল। ফলত বিষাক্ত ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হৈ সকলোৰে মৃত্যু হয়। সকলোৱে টোপনিতে অচেতন হৈ থকাৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সুযোগ কোনেও নাপালে।”
প্ৰথম অৱস্থাত শ্বাসৰুদ্ধকৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে যদিও এই কথা নিশ্চিত কৰিবলৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰি আছে আৰক্ষীয়ে। ইয়াৰ উপৰি ঘটনা সন্দৰ্ভত সুকীয়া তদন্তও আৰম্ভ কৰা হৈছে।