এগৰাকী ১০ বছৰীয়া ছোৱালীৰ পেটৰ (10 yrs Girl’s stomach) পৰা ১০০ গ্ৰাম ওজন (Weighing 100 grams)ৰ চুলি উদ্ধাৰ (Hair recovery) কৰিলে চিকিৎসকে। যাক দেখি ছোৱালীজনীৰ পিতৃ-মাতৃও আচৰিত হৈছে। তেওঁলোকে জনায় যে তেওঁলোকৰ ছোৱালীয়ে নিজৰ চুলি নিজেই চিঙি খায়। তাৰেই পৰিণতি এয়া।
মুম্বাই (Mumbai)ত থকা ছোৱালীজনীৰ পিতৃ-মাতৃয়ে জনোৱা মতে, বিগত এবছৰ ধৰি তেওঁলোকৰ কন্যা পেটৰ বিষত ভুগি আছে। পেটৰ বিষৰ অভিযোগ কৰি তেওঁ বাৰে বাৰে কান্দি উঠে। চিকিৎসকে প্ৰথমে প্ৰকৃত বিষয়টো ধৰিব পৰা নাছিল। এই ক্ষেত্ৰত মুম্বাইৰ বহু চিকিৎসকৰ পৰামৰ্শ লোৱা হৈছিল। কিন্তু পেটৰ সমস্যাৰ প্ৰকৃত কাৰণ কোনেও নিৰ্ণয় কৰিব পৰা নাছিল।
বহু পিছত পৰীক্ষাৰ অন্তত এই ৰোগৰ প্ৰকৃত কাৰণ আৱিষ্কাৰ হয়। চিকিৎসকে ছোৱালীজনীৰ পেটত চুলি গোট খোৱা দেখে। অস্ত্ৰোপচাৰৰ জৰিয়তে সেই চুলিৰ গোটটো উলিওৱা হয়। ওজন কৰি দেখিলে চুলিৰ ওজন প্ৰায় ১০০ গ্ৰাম।
চিকিৎসকে কয় যে ছোৱালীজনী ট্ৰাইকোফেজিয়া ৰোগত আক্ৰান্ত। এই ৰোগীসকলে নিজৰ চুলি নিজে খাবলৈ আৰম্ভ কৰে। কিন্তু শিশুৰ ক্ষেত্ৰত এই ৰোগ বৰ বেছি হোৱা দেখা নাযায়। কিশোৰীগৰাকীক চিকিৎসাৰ বাবে মনোবিজ্ঞানীৰ পৰামৰ্শ লʼবলৈও কোৱা হৈছে।
পিতৃ-মাতৃয়ে গম পোৱা নাছিল যে ছোৱালীজনীয়ে দিনে-ৰাতি চুলি খাইছিল। চুলি কেতিয়াও দ্ৰৱীভূত নহয়। আনকি পেটৰ ভিতৰতো যিদৰে আছিল তেনেদৰেই থাকে। ফলত দিনৰ পিছত দিন ছোৱালীজনীৰ পেটত চুলি জমা হৈ আছিল। মুম্বাইৰ দম্পতীহালে এই বেয়া অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লৈছে।