অভিনেতা উদয়ন দুৱৰাৰ (Udayan Duarah) নতুন। শাৰী পৰিধান কৰাৰ লগতে নখত নখপলিচ, ঔঁঠত লিপষ্টিক লৈ অভিনেতা গৰাকী সাজু হৈছে এটি বিশেষ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ। তেওঁৰ এই ফটোখন আপলোড হোৱাৰ পিছতেই ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত (Social Media)। লগতে, এয়া একাংশৰ বাবে উৎসাহৰ অন্যতম কাৰণ হৈ পৰিছে।
আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, চুটি গল্পৰ ক্ষেত্ৰখনত লোকসংস্কৃতিক দাঙি ধৰি ইটোৰ পিছত সিটোকৈ প্ৰকল্পৰ মুক্তি কৰি দিয়া নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ পৰিচালনাৰে আহি আছে এটি নতুন প্ৰকল্প, যাৰ নাম হৈছে “হিজৰা” (Hijra)। এই প্ৰকল্পটিত “হিজৰা” অথবা “কিন্নৰ” ৰ চৰিত্ৰ ৰূপায়ণ কৰিব অভিনেতা উদয়ন বৰুৱাই।
হিজৰা সকলৰ জীৱনলৈ অহা প্ৰত্যাহ্বান সমূহৰ উপৰিও তেখেত সকলৰ জীৱন-সংগ্ৰাম ইত্যাদিক সামৰি এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হ’ব। এই প্ৰকল্পটো কেতিয়াকৈ মুক্তি লাভ কৰিব সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও জনসমাজত ই বিশেষ প্ৰাধান্য লাভ কৰিছে।