বিনায়ক দামোদৰ সাৱৰকাৰক (Vinayak Damodar Savarkar) লৈ কোনো ধৰণৰ অপমানজনক মন্তব্য (derogatory comments) শিৱসেনাই (উদ্ধৱ থাকৰে) (Uddhav Thackeray) সহ্য নকৰে । বালাচাহেব থাকৰেৰ পুত্ৰ উদ্ধৱে দেওবাৰে এই সন্দৰ্ভত ৰাহুল গান্ধী (Rahul Gandhi)ক সকীয়াই দিয়ে । ওৱানাড়ৰৰ সদ্যপ্ৰাক্তন সাংসদগৰাকীক দেশৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজত মনোনিৱেশ কৰিবলৈ আৰু বিজেপিৰ দ্বাৰা প্ৰৰোচিত নহ’বলৈও আহ্বান জনায়।
মোডীৰ উপাধিক লৈ আপত্তিজনক মন্তব্য কৰা ৰাহুল গান্ধীক চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ড বিহে। পিছদিনা ৰাহুলক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হয়। শনিবাৰে এখন সংবাদমেলত ৰাহুলে বিজেপিক কটাক্ষ কৰি কয়, “মোৰ নাম সাৱৰকাৰ নহয়, মোৰ নাম গান্ধী। গান্ধীয়ে কেতিয়াও কাৰো ওচৰত আত্মসমৰ্পণ কৰা নাই।” ৰাহুলৰ এই মন্তব্যই উত্তেজনাৰ সৃষ্টি কৰে।
উদ্ধৱ নেতৃত্বাধীন অবিভক্ত শিৱসেনাই বিজেপিৰ পুৰণি মিত্ৰ হিচাপে মহাৰাষ্ট্ৰত বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু নিৰ্বাচনৰ পিছত কেইবাটাও মতানৈক্যৰ বাবে শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা এৰি কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতা কৰে। উদ্ধৱ মুখ্যমন্ত্ৰী আছিল। ২০২২ চনৰ জুলাই মাহত শিৱসেনাৰ বিধায়ক একনাথ শিণ্ডে দলৰ হিন্দুত্ববাদী আদৰ্শৰ লগত আপোচ কৰা বুলি অভিযোগ কৰি দল ত্যাগ কৰে।
শিণ্ডেৰ শিবিৰত যোগদান কৰিলে ৪০ জন বিধায়ক। সংখ্যাৰ পৰা বিচাৰ কৰি শিন্দে শিবিৰক নিৰ্বাচন আয়োগে ‘প্ৰকৃত’ শিৱসেনা হিচাপে স্বীকৃতি দিছিল। মুখ্যমন্ত্ৰীৰ আসন হেৰুৱায়ো উদ্ধৱে কংগ্ৰেছ আৰু এন চি পিৰ সৈতে মিত্ৰতা ভংগ কৰা নাছিল।ইয়াৰ পূৰ্বেও উদ্ধৱৰ ঘনিষ্ঠ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱতেও সৰৱ হৈছিল ৰাহুলৰ সাৱৰকাৰ মন্তব্যক লৈ ।