“আধ্যাত্মিকতা থাকিলেহে নৈতিকতা থাকিব। আধ্যাত্মিকতা অবিহনে নৈতিকতা কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে।শিশু সকলক সৰুৰে পৰা নৈতিকতা জ্ঞান দি গঢ় দিব লাগিব।”এই মন্তব্য বিশিষ্ট লেখিকা ,নিবন্ধকাৰ অপৰূপা বৰঠাকুৰৰ।আজি বেবেজিয়া মাহৰিআটি হৰি হৰ দেৱালয় প্ৰাংগনত অনুষ্ঠিত নগাঁও জিলা ব্ৰাহ্মণ মহিলা উপ সমিতিৰ(Nagaon District Women Brahmin samiti ) তৃতীয় দ্বি বাৰ্ষিক অধিবেশনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখিকা গৰাকীয়ে আৰু কয় যে নৰ-নাৰী একত্ৰিত হলহে সমাজ সৃষ্টি হয়।
সংস্কাৰ , সংস্কৃতি আৰু সংস্কৃত এই তিনিটা সনাতনৰ মূল উপাদান। প্ৰসংগ ক্ৰমে তেওঁ ব্ৰাহ্মণ সকলে নানা প্ৰত্যাহ্বান নেওচি সনাতন ধৰ্মৰ মূল ধ্বজা বহন কৰি অহা বুলি মন্তব্য কৰে । নগাঁও জিলা মহিলা ব্ৰাহ্মণ উপ সমিতিৰ সভানেত্ৰী সুৰ্বণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অধিবেশনখন উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, শিক্ষাবিদ বানীকান্ত শৰ্মাই।
বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ উদ্যোগত অনুষ্ঠিত মুকলি অধিবেশনত নিদিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড: বৰ্ণালী শৰ্মাই মহিলা সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বক্তব্য আগবঢ়ায়।
নগাঁও জিলা মহিলা ব্ৰাহ্মণ উপ সমিতিৰ সম্পাদিকা বৈজয়ন্তী খাউণ্ডে আঁত ধৰা সভাত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা ৰবীন্দ্ৰনাথ শৰ্মা,সভাপতি নৰেন্দ্ৰ নাথ শৰ্মা,কাৰ্যকৰী সভাপতি বেদানন্দ ভাগৱতী, সম্পাদক দ্বিজেন্দ্ৰ গোস্বামী, জ্যেষ্ঠ কাৰ্যকৰ্তা কৃষ্ণমোহন শৰ্মা, নগাঁও জিলাৰ বিভিন্ন আঞ্চলিক সমাজৰ বিষয়ববীয়া, বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সভাপতি অজিত শৰ্মা ,সম্পাদক জিতেন ভট্টাচাৰ্য্য বেবেজীয়া আঞ্চলিক মহিলা ব্ৰাহ্মণ সমাজৰ সভানেত্ৰী অঞ্জনা শৰ্মা সম্পাদিকা অঞ্জলি গোস্বামীকে ধৰি বেবেজিয়া অঞ্চলৰ ব্ৰাহ্মণ মহিলা সকল উপস্থিত থাকে।
উল্লেখ্য যে আজি অনুষ্ঠিত নগাঁও জিলা মহিলা ব্ৰাহ্মণ উপ সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ পুৱা পতাকা উত্তোলন কৰে জিলা মহিলা ব্ৰাহ্মণ উপ সমিতিৰ সভানেত্ৰী সুৰ্বণ গোস্বামীয়ে।আজিৰ সভাত আগন্তুক দুটা বৰ্ষৰ বাবে বৈজয়ন্তী খাউণ্ডক সভানেত্ৰী , গুণদা গোস্বামীক কাৰ্য্যকৰী সভানেত্ৰী আৰু অঞ্জলি দেৱীক সম্পাদিকা হিচাপে লৈ নগাঁও জিলা মহিলা ব্ৰাহ্মণ উপ সমিতি গঠন কৰা হয়।আজি দিনযোৰা কাৰ্য্যসূচীত মহিলা সকলে সমবেত সংগীতকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে।