ৰাহুল গান্ধীক (Rahul Gandhi) সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাক লৈ সমগ্ৰ দেশত হুলস্থুলৰ সৃষ্টি হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) দিল্লীৰ (Delhi) পৰা বহু দূৰৈৰ বাৰাণসীত (Baranasi) থকা নিজৰ লোকসভা সমষ্টিত দিন কটাইছে। একাধিক চৰকাৰী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ উপৰি যক্ষ্মা ৰোগ নিৰ্মূলৰ সৈতে জড়িত এক আলোচনা-চক্ৰত যোগদান কৰে প্ৰধানমন্ত্ৰীয়ে।
শুকুৰবাৰে বাৰাণসীত মোডীয়ে প্ৰায় ১৭৮০ কোটি টকাৰ প্ৰকল্প আৰু কেইবাটাও প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰে। বিশ্বনাথ কৰিড’ৰত মেট্ৰো প্ৰকল্প, ৰোপৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি অনাগত দিনত বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পিছত মোডীয়ে যক্ষ্মা ৰোগৰ নিৰ্মূলৰ ওপৰত এখন পেনেল আলোচনাত অংশগ্ৰহণ কৰে।
যদিও বিশ্ব স্বাস্থ্য সংস্থাই (World Health Organization) ২০৩০ চনৰ ভিতৰত ভাৰতৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য লৈছে, তথাপিও মোদীয়ে কয় যে ২০২৫ চনৰ ভিতৰত এই দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাটোৱেই তেওঁৰ লক্ষ্য। শুকুৰবাৰে বিয়লি প্ৰধানমন্ত্ৰী পুনৰ দিল্লীলৈ উভতি আহে।
ইফালে কংগ্ৰেছে শনিবাৰে অভিযোগ কৰে যে ৰাহুল গান্ধীৰ সাংসদ পদ প্ৰত্যাখ্যানৰ আঁৰত মোডী আছিল। অভিযোগ খাৰিজ কৰি বিজেপিৰ এগৰাকী নেতাই কয়, “প্ৰধানমন্ত্ৰী এজন ইতিবাচক মনৰ ব্যক্তি। তেওঁ ইতিবাচক ৰাজনীতিত বিশ্বাস কৰে। দেশত কি ঘটি আছে সেই বিষয়ত মূৰ নঘমাই তেওঁ নিজৰ কামত ব্যস্ত থাকে। সেইবাবেই তেওঁ কৰ্মযোগী।”