ইমান দিনে উত্তৰ কোৰিয়াই (North Korea) সঘনাই আকাশত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি নিজৰ ক্ষমতা দৃঢ় কৰি আহিছে। এইবাৰ পিয়ংইয়াঙে পানীৰ তলত পাৰমাণৱিক (Underwater nuclear) আক্ৰমণৰ অনুশীলন চলালে। কিম জং উনৰ দেশে সাগৰৰ তলত পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা বিশেষ ড্ৰোনৰ পৰীক্ষামূলক অনুশীলন চলাইছে। এই অস্ত্ৰৰ আক্ৰমণৰ ফলত তেজস্ক্রিয় ছুনামীৰ সৃষ্টি হʼব বুলি দেশখনে দাবী কৰে৷ যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমাজত এক নতুন ভয়ৰ সৃষ্টি হৈছে। শুকুৰবাৰে উত্তৰ কোৰিয়াই এই অস্ত্ৰ প্ৰকাশ কৰে।
যোৱা কেইবছৰমানৰ পৰা কিমৰ দেশখনে বিভিন্ন সময়ত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি বিশ্বৰ বিভিন্ন দেশৰ টোপনি কাঢ়িছে। দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ যৌথ অনুশীলনৰ প্ৰতি উত্তৰ কোৰিয়াই সদায় সঁহাৰি জনাই আহিছে। এনে পৰিস্থিতিত এইবাৰ দেশখনৰ হাতলৈ আহিল নতুন অস্ত্ৰ। দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে দাবী কৰিছে যে পানীৰ তলত পাৰমাণৱিক আক্ৰমণ চলাব পৰা এই ড্ৰোনে তেজস্ক্রিয় ছুনামী (Radioactive tsunami)ৰ সৃষ্টি কৰিব৷
কোৰিয়াৰ চেণ্ট্ৰেল নিউজ এজেন্সীয়ে (KCNA) প্ৰকাশ কৰা অনুসৰি, পৰীক্ষাৰ সময়ত ড্ৰোনখন ৮০ৰ পৰা ১৫০ মিটাৰ গভীৰতাত ৫৯ ঘণ্টাৰো অধিক সময় পানীৰ তলত আছিল। ড্ৰোনখনৰ নাম দিয়া হৈছে ‘আনমেনড আণ্ডাৰৱাটাৰ নিউক্লিয়াৰ এটেক ক্ৰাফ্ট, হেইল’। হেইল শব্দৰ অৰ্থ ছুনামী।
এই ড্ৰোনখন যিকোনো প্ৰান্তৰ পৰা চলাব পাৰিব। এই অস্ত্ৰই শত্ৰুৰ জলপথত গোপনে আক্ৰমণ কৰিবলৈ সক্ষম। ই শত্ৰুৰ শিবিৰৰ বহৰ আৰু বন্দৰ ধ্বংস কৰিব পাৰে। উত্তৰ কোৰিয়াৰ শাসক কিমৰ তত্বাৱধানত এই অস্ত্ৰৰ পৰীক্ষা কৰা হৈছে।