শ্ৰীৰঙ্গপট্টমৰ (Srirangapatnam) যুদ্ধত ব্ৰিটিছ সেনাপতি কৰ্ণৱালিছৰ বাহিনী বা উৰি গৌড়া আৰু নাঞ্জে গৌড়া নামৰ দুটা ‘কাল্পনিক’ চৰিত্ৰ। এইবাৰ ১৮ শতিকাৰ মহীশূৰৰ শাসক টিপু চুলতানৰ (Tipu Sultan) ‘প্ৰকৃত হত্যাকাৰীʼক লৈ কৰ্ণাটকৰ ৰাজনীতিত এক নতুন বিতৰ্ক।
শেহতীয়াকৈ ‘টিপু নিজকানাসুগালু’ (Tippu Nija Kanasugalu) নামৰ এখন উপকথাভিত্তিক নাটকৰ উদ্ধৃতি দি বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক চিটি ৰবি (CT Ravi) আৰু দুই ৰাজ্যিক মন্ত্ৰী অশ্বত নাৰায়ণ (Ashwath Narayan) আৰু গোপালয়াই (Gopalaiah) দাবী কৰিছে যে টিপুক উৰি আৰু নাঞ্জে নামৰ দুজন ভোক্কালিগা জনগোষ্ঠীৰ বিদ্ৰোহীয়ে হত্যা কৰিছিল। উল্লেখ্য, বিজেপি নেতা তিনিজনো ভোক্কালিগা সম্প্ৰদায়ৰ। ইয়াৰ পিছত শোভা কৰণ্ডলাজৰ দৰে কেন্দ্ৰীয় মন্ত্ৰীসকলেও একে দাবী উত্থাপন কৰে। আৰু সেইটোৰ ওপৰতো বিতৰ্ক আৰম্ভ হʼল।
ইতিহাসে কয় যে ১৭৯২ চনত তৃতীয় এংলো-মহীশূৰ যুদ্ধত ব্ৰিটিছ বাহিনীয়ে টিপুক হত্যা কৰিছিল। ‘টিপু নিজকানাসুগালু’ নাটকৰ কোনো ঐতিহাসিক ভিত্তি নাই বুলি প্ৰায়বোৰ ইতিহাসবিদে দাবী কৰে। কিন্তু বিৰোধী কংগ্ৰেছ আৰু জেডি (এছ)ৰ অভিযোগ যে কৰ্ণাটকত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই পদক্ষেপক মেৰুকৰণৰ ‘লক্ষ্য’ হিচাপে লোৱা হৈছে।
যোৱা ফেব্ৰুৱাৰী মাহত কৰ্ণাটকৰ বিজেপিৰ সভাপতি তথা সাংসদ নলিংকুমাৰ কাটিলে (Nalin Kumar Kateel) কৈছিল, “টিপু চুলতানৰ অনুগামীক কৰ্ণাটকৰ পবিত্ৰ ভূমিত থাকিবলৈ দিয়া উচিত নহয়! ” লগতে তেওঁ বিজেপিৰ এখন সভাত কৈছিল, “আমি ভগৱান ৰাম, ভগৱান হনুমানৰ ভক্ত। আমি প্ৰাৰ্থনা কৰোঁ, ভগৱান হনুমানৰ আগত প্ৰণাম কৰোঁ। আমি টিপু চুলতানৰ বংশধৰ নহয়। আহক টিপুৰ বংশধৰক নিজৰ দেশলৈ ঘূৰাই পঠিয়াই দিওঁ!” তেওঁৰ এই মন্তব্যৰ ফলত কন্নৰ ৰাজনীতিত উত্তেজনা দুগুণ বৃদ্ধি পায়।
দৰাচলতে টিপু চুলতান নামটো সদায় কৰ্ণাটকৰ ৰাজনীতিত বিজেপিৰ মেৰুকৰণ ৰাজনীতিৰ আহিলা হৈ আহিছে। বিজেপিৰ দৃষ্টিত বৃটিছৰ বিৰুদ্ধে যুদ্ধত শ্বহীদ টিপু আছিল এজন ‘হিন্দু হত্যাকাৰী’। হিন্দুত্ববাদীয়েও অভিযোগ কৰে যে শ্ৰীৰঙ্গপট্টমৰ টিপু মছজিদ আচলতে মন্দিৰ আছিল। ২০১৭ চনত মুখ্যমন্ত্ৰী চিদ্দাৰমৈয়াৰ কংগ্ৰেছ চৰকাৰে টিপুৰ জন্ম বাৰ্ষিকী উদযাপন কৰিবলৈ আৰম্ভ কৰাৰ পিছত এই মেৰুকৰণ আৰু অধিক চৰম হৈ পৰে। অমিত শ্বাহে এই কাণ্ডক পোনপটীয়াকৈ “মুছলমান চাতুৰী” বুলি অভিহিত কৰে।
কৰ্ণাটকৰ ১৩ শতাংশ জনসংখ্যা মুছলমান। ২২৪টা সমষ্টিৰ ভিতৰত ১৯টা সমষ্টিৰ নিৰ্ণায়ক মুছলমান ভোট। সমীক্ষকৰ এটা অংশই বিশ্বাস কৰে যে বিজেপিয়ে সেই আসনসমূহ বাদ দিহে জয়ী হোৱাৰ অঙ্ক কৰিছে।