শিলচৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ অসম বিশ্ববিদ্যালয় (Assam University) ডিফু চৌহদৰ (Diphu Campus) বিভিন্ন সমস্যাৰে জৰ্জৰিত ১০ দফীয়া দাবী (10 points Demands) লৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাই (University Students’ Union) আজিৰে পৰা বিশ্ববিদ্যালয় চৌহদতে ৰূপায়ণ কৰি আছে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা (Indefinite sit-in) কাৰ্যসূচী ৷ অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ সন্থাৰ সভাপতি ছাৰ হাবে ক্ৰ’ আৰু সাধাৰণ সম্পাদক ছেমছন ইংতিৰ নেতৃত্বত সদস্যসকলে প্ৰতিবাদত নামি পৰে ৷
প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’ কাৰ্ড, বেনাৰ ফেষ্টুন আদিলৈ আমাৰ দাবী মানিবই লাগিব, ষ্টুডেণ্ট ইউনিটি লংলীভ, আমাৰ বাছ ক’ত, আমাৰ খেলপথাৰ ক’ত, আমাৰ স্বাস্থ্য বীমাৰ কি হ’ল? আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অসম বিশ্ববিদ্যালয় ডিফু চৌহদ ষ্টুডেণ্ট ইউনিয়নৰ ছাত্ৰ নেতা সকলে বিশ্ববিদ্যালয়খনৰ অযোগ্য প্ৰশাসনিক ব্যৱস্থাৰ বাবে বিগত ষোল্ল বছৰে ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে বুলি কয় ৷ সেয়ে উপায়হীনহৈ আজি ষ্টুডেণ্টছ ইউনিয়নে দহ দফীয়া দবী লৈ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্ণা ৰূপায়ন কৰিবলৈ বাধ্য হৈছে বুলি কয় ৷
১০টা দাবী ক্ৰমে, খালী হৈ থকা শিক্ষকৰ স্থায়ী পদসমূহ শীঘ্ৰে পূৰণ কৰক, গেষ্ট শিক্ষক পদ শীঘ্ৰে পূৰণ কৰক, অসম বিশ্ববিদ্যালয় ডিফু চৌহদত শীঘ্ৰে নন টিছিং ষ্টাফ বৃদ্ধি কৰা, বিশ্ববিদ্যালয়ৰ বাছৰ সংখ্যা বৃদ্ধি কৰা, বিশুদ্ধ আৰু স্বাস্থ্যসন্মত খোৱা পানীৰ ব্যৱস্থা কৰা, বিল্ডিঙ উন্নীতকৰণ কৰা, ছাত্ৰ-ছাত্ৰীৰ বাবে শীঘ্ৰে খেলপথাৰ নিৰ্মাণ কৰা, বংলং তেৰাঙৰ সোঁৱৰণত শীঘ্ৰে পুথিভঁড়াল নিৰ্মান কৰা, স্বাস্ব্য বীমাৰ কৈফিয়ৎৰ ব্যৱস্থা কৰা, শীঘ্ৰে প্ৰাক্তন ছাত্ৰ সন্থা গঠনৰ ব্যৱস্থা কৰা ৷
আনহাতে একাংশ ছাত্ৰ নেতাই অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ উপাচাৰ্য শিৱাসীষ বিশ্বাসক এই সন্দৰ্ভত জগৰীয়া কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ বাবে কেতিয়াও উপাচাৰ্যগৰাকী আলোচনাত নবহাৰ অভিযোগ তোলে ৷ উপাচাৰ্য শিৱাসীষ বিশ্বাস অৱস্থান ধৰ্ণাত অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক বুজনি দিবলৈ প্ৰতিবাদস্থলীত আহিলেও দাবী পূৰণৰ লিখিত প্ৰতিশ্ৰুতি নোপোৱালৈকে অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী চলি থাকিব বুলি কয় ছাত্ৰ নেতাসকলে ৷ আজিৰ অৱস্থান ধৰ্ণা কাৰ্যসুচীত অসম বিশ্ববিদ্যালয় ডিফু চৌহদ ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰক্তন সাধাৰণ সম্পাদক জৰ্জ তিমুং উপস্থিত থাকি প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত মন্তব্য ৰাখে ৷