অসমীয়া মনোৰঞ্জন ক্ষেত্ৰৰ (Assamese Entertainment Industry) ফালৰ পৰা মনোৰঞ্জনৰ নহয়, আহিছে এক ৰাজনৈতিক খবৰ। বিভিন্ন জন শিল্পীক আদৰিবলৈ সাজু হৈ উঠিছে বাজপেয়ী ভৱন (Bajpayee Bhawan)। অসমীয়া শিল্পী সকলে পুনৰ বিজেপি দলত (BJP) যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।
পূৰ্বেও সীমান্ত শেখৰ (Simanta Sekhar), যতীন বৰাকে (Jatin Bora) আদি কৰি আশা বৰদলৈ (Asha Bordoloi), কল্লোল বৰঠাকুৰ (Kallol Borthakur), বাবু (Babu), পংকজ ইংতি (Pankaj Ingti) ইত্যাদি বহু শিল্পী, কলা-কুশলীয়ে ৰাজনৈতিক দলত যোগদান কৰা আমি দেখিবলৈ পাইছিলোঁ। যাৰ বাবে, ছ’চিয়েল মিডিয়াত (Social Media) তেওঁলোক বহুল হাৰত নেতিবাচক সমালোচনাৰো সন্মুখীন হৈছিল। চলিত বৰ্ষত কোন শিল্পীয়ে মনোৰঞ্জনৰ লগতে ৰাজনৈতিক দিশত মনোনিৱেশ কৰিব, সেয়া হ’ব লক্ষণীয়। সম্প্ৰতি ৰাজনৈতিক দলত যোগদান কৰাক লৈ আচুৰ্য্য বৰপাত্ৰৰ (Achurjya Borpatra) নাম সমুখলৈ আহিছে, এয়া কিমান দূৰ সত্য সেয়া অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই।