বোকাখাত (Bokakhat) নগৰৰ বাবে খচৰা মাষ্টাৰ প্লেন প্ৰকাশৰ সন্দৰ্ভত আজি বোকাখাত মাহকুমাধিপতি (Bokakhat D.C.) কাৰ্যালয়ৰ সভা কক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। অতিৰিক্ত উপায়ুক্ত তথা বোকাখাত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত বোকাখাত পৌৰসভাৰ পৌৰপতি, ৱাৰ্ড সদস্য, সদস্যাসকল, বোকাখাত পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া, জ্যেষ্ঠ নাগৰিককে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থাকে।
উক্ত বৈঠকত বোকাখাত নগৰৰ বাবে প্ৰস্তুত কৰা খচৰা মাষ্টাৰ প্লেনৰ ওপৰত মূল্যৱান পৰামৰ্শ, মতামত আৰু আপত্তিৰ সন্দৰ্ভত আলোচনা কৰা হয়।