নতুন কৰ্ম জীৱনৰ আৰম্ভণি। ৯ মাহ প্ৰশিক্ষণৰ অন্ততঃ কৰ্মত যোগদান কৰিব ২৭০ জন জোৱানে। বোকাজান (Bokajan)ৰ কাৰাগাঁও (Karagaon)স্থিত দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনী (2nd Assam Special Reserve Force)ৰ কেম্পত প্ৰশিক্ষণ সম্পূৰ্ণ (Training completed) কৰি কৰ্ম জীৱনৰ পাতনি মেলিব ২৭০ জন জোৱানে।

অসম বিশেষ সংৰক্ষিত বাহিনীৰ কামাণ্ডেন্ট নৱজ্যোতি বৰা তত্বাবধানত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ২৭০ জন জোৱানে। অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক নোমল মমিন (MLA Nomal Momin), বোকাজান মহকুমা বিষয়া অনুপ ব্ৰহ্ম। জোৱানসকলৰ ভিতৰত ২০২২-ৰ Indore best বঁটা লাভ কৰে ডেভিদ সোণোৱালে আৰু outdoor best বঁটা লাভ কৰে ভাস্কৰ ৰাজখোৱাই। প্ৰায় ১২ বছৰৰ মূৰত কাৰাগাঁও কেম্পটোৰ পৰা বৃহৎ সংখ্যক জোৱানে প্ৰথমবাৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কামাণ্ডেণ্ট নৱজ্যোতি বৰা (Commandant Navajyoti Bora)ই কয় যে, প্ৰশিক্ষণপ্ৰাপ্ত জোৱান সকলে ৯ মাহ প্ৰশিক্ষণৰ অন্তত অসমৰ বিভিন্ন স্থানত কৰ্মত যোগদান কৰিব ৷ আজিৰ শপত গ্ৰহণ অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ তথা স্থানীয় বিধায়ক ডাঃ নোমল মমিনৰ লগতে প্ৰশিক্ষণপ্ৰাপ্ত জোৱানসকলৰ অভিভাৱকসকলৰ উপস্থিতিয়ে জোৱানসকলৰ মনোবল বৃদ্ধি কৰিব৷
অসম ভূমিৰ বাবে সৰ্বস্ব উচ্ছৰ্গা কৰাৰ বাবে সংকল্পলৈ বিভিন্ন স্থানত কৰ্মত যোগদানৰ বাবে নতুন যাত্ৰা আৰম্ভ কৰা জোৱানসকলক আন্তৰিক শুভেশ্ছা জ্ঞাপন কৰে কামাণ্ডেণ্ট নৱজ্যোতি বৰাই৷