সাংসদ অজিত কুমাৰ ভূঞাৰ (Ajit Kumar Bhuyan) সাংসদ পুঁজিৰ ব্যৱহাৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপনৰ পাছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) তদাৰকী কোষে আৰম্ভ কৰিছিল তদন্ত। শেহতীয়াকৈ, এই বিষয় সন্দৰ্ভত ৪ গৰাকী এচিএছ বিষয়াক নিলম্বন কৰা হৈছে।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব শমিষ্ঠা বৰাৰ লগতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হেমন্ত কুমাৰ দত্ত, সাংসদ নিৰ্মাণ পুঁজি সমিতিৰ সভাপতি সুকন্যা বৰা আৰু তিনিচুকীয়া জিলা পৰিষদৰ চিইঅ মুনীন্দ্ৰ বৰদলৈক নিলম্বন কৰা হৈছে। জানিব পৰা মতে, ৭৫ শতাংশ কাম সম্পূৰ্ণ নোহোৱাকৈ তেওঁলোকে সাংসদ পুঁজিৰ বিল মুকলি কৰি দিছিল।