কাৰবি আংলং (Karbi Anglong) জিলাৰ ২৬টা পৰিষদীয় সমষ্টিৰ ৰাইজৰ দুখ-দুৰ্দশা আৰু অভাৱ অভিযোগৰ ভূ ল’বলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ডঃ তুলিৰাম ৰংহাঙৰ (Dr. Tuliram Ronghang) নেতৃত্বত টীম কাৰবি আংলঙৰ সহযোগত আটাইকেইটা পৰিষদীয় সমষ্টিত মুকলি মত-বিনিময় (exchange of views) অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ তাৰে অংশ স্বৰূপে কাৰবি আংলং জিলাৰ কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ (Karkanthi Council Constituency) অতিকৈ দুৰ্গম আৰু পিছপৰা এলেকাতো হৈছিল তুলিৰাম ৰংহাঙৰে ৰাইজৰ মুকলি মত-বিনিময় অনুষ্ঠান ৷
উক্ত অনুষ্ঠানৰ যোগেদি কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ লাংলকচ’ৰ (Langlocks’) ১৫ খনকৈ গাঁৱৰ (15 No Villages) বাসিন্দাসকলে গাওঁবাসীয়ে যুগ যুগ ধৰি বিদ্যুত, যোগাযোগ, বিশুদ্ধ পানী আৰু অনান্য বুনিয়াদী সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ কথা ব্যক্ত কৰিছিল৷ ৰাইজৰ শোকগাথা আৰু দুখৰ কথা হৃদয়াংগম কৰিছিল কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ ৰংহাঙে উক্ত এলেকাবাসীৰ অভাৱ অভিযোগবোৰ পৰ্যায়ক্ৰমে সমাধান কৰা হব বুলি আশ্বাস দি থৈ আহিছিল ৷
তাৰ পিছতে তুলিৰাম ৰংহাঙৰ উক্ত আশ্বাসৰ ভিত্তিতেই দুৰ্গম এলেকাটোৰ লাংলকচ’ৰ ১৫ খনকৈ গাঁৱক সামৰি ১২টাকৈ জিঅ’ টাৱাৰ স্থাপন কৰি সৌৰ পদ্ধতিৰে শুভাৰম্ভনি কৰাৰ লগতে আজিৰে পৰা ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷
এতিয়াৰে পৰা লাংলকচ’ এলেকাত বহিঃবিশ্বৰে যোগাযোগ ব্যৱস্থা সুলভ হৈ পৰিব৷ লাংলকচ’বাসীলৈ ই এক ৰঙীন আৰু সুখৰ বতৰা হিচাপে পৰিগণিত হৈছে ৷