
চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি বিয়লি নগাঁও জিলা (Nagaon District) এন এছ ইউ আই সদস্য (NSUI Members) সকলে নগাঁও মহাবিদ্যালয় (Nagaon College)ৰ সমীপৰ ৰাজপথত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Dr. Ronoj Pegu)ৰ পুত্তলিকা দাহ (Effigy burnt) কৰে।

আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল (Question paper leak) হোৱা ঘটনাই চৰকাৰ আৰু শিক্ষা বিভাগৰ ব্যৰ্থতাক প্ৰতিপন্ন কৰা বুলি নগাঁও জিলা এন এছ ইউ আইৰ নেতৃত্বই চৰকাৰক সমালোচনা কৰি অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ কাম নাই আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।
প্ৰশ্ন কাকত ফাদিলৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীক পদত্যাগ কৰিবৰ বাবে নগাঁও জিলা এন এছ ইউ আইৰ প্ৰতিবাদকাৰীসকলে দাবী জনায়। আনহাতে এন এছ ইউ আইৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত কিছু সময়ৰ বাবে যানজঁটৰ সৃষ্টি হয়।