ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Defence Research and Development Organisation) বা ডি আৰ ডি অ’ই থলুৱাভাৱে নিৰ্মিত অতি ক্ষুদ্ৰ দূৰত্বৰ বিমান বিৰোধী ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে ওড়িশাৰ চণ্ডীপুৰৰ মিছাইল টেষ্ট ৰেঞ্জৰ (Integrated Test Range) বা আইটিআৰ) পৰা নিক্ষেপ কৰা এই ধৰণৰ দুটা ‘ছাৰ্ফেচ টু এয়াৰ’ মিছাইলে (Surface-to-air missile) বংগোপসাগৰৰ ওপৰত আকাশত থকা নিৰ্দিষ্ট লক্ষ্য সফলতাৰে ধ্বংস কৰে।
ভি এছ-হʼৰাডছ মিছাইলৰ ডিজাইন, নিৰ্মাণ, পৰীক্ষণ, নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ প্ৰযুক্তি ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰিছে। আন কেইবাটাও চৰকাৰী সংস্থাই সহযোগী হিচাপে কাম কৰিছে। ইয়াৰ ভিতৰত আছে হায়দৰাবাদৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী (ডি আৰ ডি এল), ৰিচাৰ্চ চেণ্টাৰ বিল্ডিং (আৰ চি আই) আৰু পুনেৰ আৰ এণ্ড ডি ইঞ্জিনিয়াৰ আদি কেইবাটাও প্ৰতিষ্ঠানৰ বিজ্ঞানী।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) ডি আৰ ডি অ’ আৰু ইয়াৰ অংশীদাৰসকলক সফল পৰীক্ষা আৰম্ভ কৰাৰ বাবে অভিনন্দন জনাই কয়, “ইয়াৰ ফলত আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰযুক্তিগত উৎকৰ্ষতাক এক নতুন মাত্ৰালৈ লৈ যাব।”