স্বাস্থ্য সচেতন লোকে সুস্থ আৰু সবল হৈ থাকিবলৈ ভাত (Rice) আৰু ৰুটিৰ (Roti) বাহিৰেও বিভিন্ন ধৰণৰ খাদ্য খায়। কিন্তু দেশত এজন লোকৰ সন্ধান পোৱা গৈছে, যিজনে মাত্ৰ এবিধ আহাৰ খাই ২৮ বছৰ ধৰি জীয়াই আছে। তেওঁৰ খাদ্য নাৰিকল (Coconut)।

৬৪ বছৰীয়া জীৱনৰ ২৮ বছৰ কেৱল নাৰিকল খাই জীয়াই থকা বালকৃষ্ণ পলয় (Balkrishna Palai) কেৰালাত (Kerela) থাকে। গেষ্ট্ৰোইছোফেজিয়াল ৰিফ্লাক্স ৰোগত (Gastroesophageal Reflux Disease) আক্ৰান্ত হৈ শাৰীৰিক শক্তি হেৰুৱাইছিল। এটা সময়ত তেওঁ খোজকঢ়া বন্ধ কৰি দিছিল।
পলয়ে চিকিৎসাৰ বাবে নাৰিকল খাবলৈ আৰম্ভ কৰে আৰু উপলব্ধি কৰে যে তেওঁৰ ভাল অনুভৱ হৈছে। তেতিয়াৰ পৰা তেওঁ নাৰিকলৰ বাহিৰে একো খোৱা নাই। পলয়ে ভুগি থকা ৰোগটোৱে বুকুত জ্বলা-পোৰা কৰাৰ উপৰি অধিক অস্বস্তিৰ সৃষ্টি কৰে। বহু সময়লৈকে কষ্টত ভুগিবলগা হয়। এই ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য কৰাটোও কঠিন।
পলয়ে এক সাক্ষাৎকাৰত কয় যে নাৰিকলত কেলচিয়াম, মেগনেছিয়াম, ছডিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে। ইয়াৰ ফলত তেওঁৰ শক্তি পুনৰ লাভ কৰাত সহায়ক হৈছিল আৰু এতিয়া তেওঁ সম্পূৰ্ণ ফিট হৈ পৰিছে। তেওঁ কেৱল নাৰিকল খাই জীৱন নিৰ্বাহ কৰে।
পলয়ে কয়, “মই প্ৰতিদিনে নাৰিকল খাওঁ। মোৰ পৰিয়ালটোও নাৰিকল খেতিৰ লগত জড়িত। বহু বছৰ ধৰি এনেকৈয়ে জীয়াই আছো। এতিয়া মোৰ কোনো সমস্যা নাই। মই মোৰ পৰিয়ালৰ ফাৰ্মখন পৰিচালনা কৰো। নিয়মিতভাৱে ব্যায়াম আৰু সাঁতুৰিব যাওঁ।”