ঘোষণা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ “অসম ৰাজ্যিক চলচিত্ৰ বঁটা” (Assam State Film Award)। বিগত দুটা বছৰে ক’ভিড সৃষ্ট বিভীষিকাময় পৰিস্থিতিৰ বাবে এই বঁটা প্ৰদান কৰা হোৱা নাছিল। চলিত বৰ্ষত সাংস্কৃতিক পৰিক্রমা বিভাগৰ অধীনত থকা সাংস্কৃতিক সঞ্চালকালয়ে অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ সহযোগত অহা ১৩ মাৰ্চত ২০২৩ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে।
“অসম ৰাজ্যিক চলচিত্ৰ বঁটা” ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে মুক্তিপ্ৰাপ্ত আৰু ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত নির্মিত অসমীয়া কথাছবি, তথ্য চিত্ৰ আৰু চুটি ছবিৰ বাবে মুঠ ৪০ টা শিতানত বঁটা বিজয়ী শিল্পী, কলা-কুশলী সকলৰ লগতে পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত শ্রেষ্ঠ চলচ্চিত্র সমালোচকৰ ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, ২০১৮ চনৰ বাবে মুঠ ১২ খন ছবি, ৮খন চুটি ছবিৰ লগতে ৫ খন তথ্যচিত্র তথা ২০১৯ চনৰ বাবে মুঠ ১৮ খন ছবি, ৩ খন চুটি ছবি আৰু ৩ খন তথ্যচিত্ৰৰ বাবে আৱেদন লাভ কৰা হৈছিল। আনহাতে, পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত সমালোচকৰ ৰাজ্যিক চলচ্চিত্র বঁটাৰ বাবে ২০১৮ চনত ৭ গৰাকী (প্ৰৱন্ধৰ বাবে) আৰু ২০১৯ চনত ৩ গৰাকী (গ্রন্থৰ বাবে) তথা ৫ গৰাকীয়ে (প্রবন্ধৰ বাবে) আৱেদন দাখিল কৰিছিল।
এই বঁটাপ্ৰাপ্ত আটাইকেইগৰাকী শিল্পী, কলা-কুশলীলৈ Assam Times Post লৈ জনাইছোঁ আন্তৰিক শুভকামনা।