বাল্যবিবাহে ( Child Marriage )এগৰাকী ছোৱালীৰ শৈশৱৰ অন্ত পেলায়। কেনেকৈ? বলপূৰ্বক বিবাহে ছোৱালী এজনীৰ শিক্ষা আৰু অন্যান্য অধিকাৰ কাঢ়ি লৈ যায়। শ্ৰেণীকোঠাত শিকি অহা পাঠৰ ঠাইত বলপূৰ্বক গৰ্ভধাৰণকে ধৰি প্ৰাপ্তবয়স্কৰ দায়িত্ব লয়, তেওঁ তাৰ বাবে সাজু হোৱাৰ বহু আগতেই। ইয়াৰ ফলত তেওঁৰ অধিকাৰ খৰ্ব হোৱাই নহয়, তেওঁৰ জীৱন, সন্তানৰ জীৱন আৰু সমাজৰ ভৱিষ্যতো বিপদত পৰে।
দুখৰ বিষয় যে বৰ্তমান বিশ্বজুৰি প্ৰায় ৪ কোটি ছোৱালী এনে ধৰণৰ দুৰ্বিষহ জীৱন কটাই আছে, আৰু আমাৰ সহায় অবিহনে আগন্তুক দশকত আনুমানিক ১৫ কোটি ছোৱালীৰ বিবাহ হʼব। এইটো গ্ৰহণযোগ্য নহয়।সেয়ে বিষয়সমূহৰ বিষয়ে অধিক অধ্যয়ন কৰি শিশুসকলৰ ওপৰত পৰা এই প্ৰভাৱৰ পৰা ৰক্ষা কৰি আপুনিও বাল্য বিবাহৰ অন্ত পেলোৱাত সহায় কৰিব পাৰে।
বাল্যবিবাহ কি?
তথাপিও এই বাল্য বিবাহ আজিও চলি আছে। তলত উল্লেখ কৰা হৈছে বৰ্তমানৰ কিছুমান কৰুণ বাল্য বিবাহৰ পৰিসংখ্যা :
• বৰ্তমান বিশ্বজুৰি ১৫-১৯ বছৰ বয়সৰ প্ৰায় ৪ কোটি ছোৱালী বিবাহিত।
• প্ৰতি বছৰে ১৮ বছৰ বয়স হোৱাৰ আগতে আৰু প্ৰায় ১ কোটি ২০ লাখ ছোৱালীয়ে বিয়া হʼব– আৰু তাৰ ভিতৰত ৪০ লাখ ১৫ বছৰৰ তলৰ।
• ছেভ দ্য চিলড্ৰেনʼছ গ্লোবেল গাৰ্লহুড ৰিপোৰ্টত অনুমান কৰা হৈছে যে ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বিশ্বজুৰি অতিৰিক্ত ২৫ লাখ ছোৱালী বাল্য বিবাহৰ আশংকাত পৰিছে। যাৰ ফলত কোভিড-১৯ মহামাৰীৰ বাবে সকলো ধৰণৰ লিংগভিত্তিক হিংসা বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে।
• এক অধ্যয়ন অনুসৰি, মহামাৰী, লকডাউন আৰু বিদ্যালয় বন্ধৰ পিছত ডেৰ কোটি পৰ্যন্ত ছোৱালী আৰু লʼৰা কেতিয়াও স্কুললৈ ঘূৰি নাহে। যিসকল শিশু বিদ্যালয়লৈ ঘূৰি নাহে, তেওঁলোকৰ আগতীয়া বিবাহ, শিশু শ্ৰমিক আৰু সশস্ত্ৰ বাহিনীত নিযুক্তিৰ অধিক আশংকা থাকে।
• ২০৩০ চনৰ ভিতৰত বাল্য বিবাহৰ বাবে ১৫ কোটি ছোৱালীয়ে শৈশৱ হেৰুৱাব বুলি অনুমান কৰা হৈছে।
বাল্য বিবাহৰ প্ৰভাৱ কি কি?
সৰুতে বিবাহিত ছোৱালীবোৰে স্কুলত থকাৰ সম্ভাৱনা বহু কম, যাৰ ফলত আজীৱন অৰ্থনৈতিক প্ৰভাৱ পৰে। প্ৰায়ে তেওঁলোক বিচ্ছিন্ন হৈ থাকে, তেওঁলোকৰ স্বাধীনতা কমি যায়। শাৰীৰিক আৰু যৌন হিংসাৰ আশংকা অধিক। শিশু কইনাসকলেও গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত বিপজ্জনক জটিলতাৰ সন্মুখীন হোৱাৰ লগতে এইচ আই ভি/এইডছত আক্ৰান্ত হোৱাৰ লগতে ঘৰুৱা হিংসাৰ সন্মুখীন হোৱাৰ আশংকা অধিক।
পৃথিৱীৰ কʼত ক’ত বাল্য বিবাহ হয়?
আফ্ৰিকাত এতিয়াও প্ৰতি বছৰে প্ৰায় ১ কোটি ২০ লাখ ছোৱালীৰ বিবাহ হয়। বাল্য বিবাহ আৰু গৰ্ভাৱস্থা হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশ্বজুৰি অগ্ৰগতি লাভ কৰাৰ পিছতো এইবোৰ দেশত বাল্যবিবাহৰ হাৰ সৰ্বাধিক : নাইজাৰ, মধ্য আফ্ৰিকান ৰিপাব্লিক, মালি, মোজাম্বিক, আৰু দক্ষিণ চুডান।
বাল্য বিবাহৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত ছেভ দ্য চিলড্ৰেন:
ছেভ দ্য চিলড্ৰেনে ১০০ বছৰতকৈও অধিক সময় ধৰি প্ৰতিটো শিশুৰ বাবে সম অধিকাৰৰ দাবী কৰি আহিছে। ১৯৯০ চনৰ পৰা বিশ্বজুৰি বাল্য বিবাহ প্ৰায় এক তৃতীয়াংশ হ্ৰাস কৰাত সহায় কৰিছে এই সংগঠনটোৱে। লগতে লাখ লাখ ছোৱালীক স্কুলত থাকিবলৈ বা কামলৈ পৰিৱৰ্তন কৰিবলৈ, আৰু নিজৰ বাবে বিবাহ আৰু মাতৃত্বৰ সিদ্ধান্ত লʼবলৈ ক্ষমতা প্ৰদান কৰা হৈছে।
চেভ দ্য চিলড্ৰনে সকলো কামতে লিংগ সমতাক প্ৰাধান্য দিয়ে। আৰম্ভণিৰে পৰাই ছোৱালীক স্কুলত থাকিবলৈ, বিবাহত বিলম্ব কৰিবলৈ আৰু প্ৰাপ্তবয়স্ক জীৱনলৈ সফলতাৰে পৰিৱৰ্তন হʼবলৈ প্ৰয়োজনীয় জীৱন আৰু জীৱিকাৰ দক্ষতা আহৰণ কৰিবলৈ শক্তিশালী কৰাৰ কাম কৰি আহিছে। ছোৱালী আৰু লʼৰা, পৰিয়াল, সম্প্ৰদায় আৰু দেশৰ সৈতে কাম কৰি ক্ষতিকাৰক লিংগ নীতি আৰু আইন সলনি কৰিছে। ছোৱালীক মাত মাতিবলৈ, নেতৃত্ব দিবলৈ আৰু সফল হ’বলৈ শক্তিশালী কৰিছে। এই সংগঠনটো হৈছে বিশ্বজুৰি ছোৱালীৰ নেতৃত্বত আমেৰিকাৰ বিনিয়োগৰ আগশাৰীৰ সমৰ্থক।