গোলাঘাট (Golaghat) জিলাৰ প্ৰথমখন নিকেতন ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ (Rajabari Shankardev Shishu Niketan) ৰূপালী জয়ন্তীৰ সামৰণি (End of silver jubilee) অনুষ্ঠান অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত দুদিনিয়াকৈ আয়োজন কৰা হৈছে।
ৰূপালী জয়ন্তীৰ সফল সামৰণিৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি নিকেতনখনত। পৰিচালনা সমিতি, উদযাপন সমিতি, আচাৰ্য ভাৰতী, ছাত্ৰ ভাৰতী, প্ৰাক্তন ছাত্ৰ ভাৰতী, মাতৃ ভাৰতীৰ এতিয়া সীমাহীন ব্যস্ততা। ৰূপালী জয়ন্তী বৰ্ষৰ বাবে নিৰ্ধাৰিত আনুমানিক ৩ লাখ টকা বাজেটৰ এতিয়াও সম্পূৰ্ণ ধন সংগ্ৰহ হোৱা নাই বুলি জানিব পৰা গৈছে যদিও সকলোৰে সহযোগিতাৰে ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সফল সামৰণি হ’ব বুলি আশাবাদী উদ্যোক্তাসকল।