বোকাখাত (Bokakhat)ৰ বিশিষ্ট যুৱ লেখক, সাংবাদিক প্ৰাঞ্জল হাজৰিকা (Pranjal Hazarika)ই লাভ কৰিছে সদৌ অসম ভিত্তিক গল্প প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গল্পকাৰৰ বঁটা। শিৱসাগৰ জিলাৰ নিতাই পুখুৰীস্থিত ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ত ২০২২ বৰ্ষত প্রতিষ্ঠিত ‘কথাশিল্পী বুদ্ধীন্দ্ৰ কুমাৰ ৰাজখনিকৰ সোঁৱৰণী ন্যাস’ৰ উদ্যোগত অনুষ্ঠিত ‘কথাশিল্পী বুদ্ধীন্দ্ৰ কুমাৰ ৰাজখনিকৰ সোঁৱৰণী সদৌ অসম ভিত্তিক গল্প প্ৰতিযোগিতা’ত প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগীৰ বঁটা লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰাঞ্জল হাজৰিকাই।
যোৱা ২৭ জানুৱাৰীত মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত ‘কথাশিল্পী বুদ্ধীন্দ্ৰ কুমাৰ ৰাজখনিকৰ স্মাৰক বক্তৃতা’ আৰু ‘কথাশিল্পী বুদ্ধীন্দ্ৰ কুমাৰ ৰাজখনিকৰ সোঁৱৰণী সদৌ অসম ভিত্তিক গল্প প্ৰতিযোগিতাৰ বঁটা বিতৰণী’ অনুষ্ঠানত হাজৰিকাক এই বঁটা প্ৰদান কৰা হয়। ‘বন্ধ ঘৰৰ সাধু’ শিৰোনামৰ গল্পটিৰ বাবে প্ৰথম শ্ৰেষ্ঠ গল্পকাৰৰ বঁটা লাভ কৰে গল্পকাৰগৰাকীয়ে।
প্ৰতিযোগীতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ‘চক্ৰবৎ’ গল্পৰ বাবে মাজুলীৰ গড়মূৰ নিবাসী মুনমি দত্ত হাজৰিকাই আৰু ‘মৃত্যুকল্প’ গল্পৰ বাবে তৃতীয় পুৰস্কাৰ লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ স্নাতকোত্তৰ মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী পম্পী কলিতাই। বিশিষ্ট শিক্ষাবিদ ড° নাহেন্দ্ৰ পাদুন আৰু বিশিষ্ট নাট্যকাৰ, গল্পকাৰ তথা নাট পৰিচালক সপোনজ্যোতি ঠাকুৰ বিশিষ্ট অতিথি হিচাপে উক্ত অনুষ্ঠানত উপস্থিত থাকে৷ এখনি মানপত্ৰ, নগদ ধন আৰু এটি গ্ৰন্থৰ টোপোলা শ্ৰেষ্ঠ গল্পকাৰ হাজৰিকালৈ বঁটা বিতৰণী অনুষ্ঠানত আগবঢ়োৱা হয়।
‘দৈনিক অসম’ কাকতৰ বোকাখাতৰ সংবাদদাতা তথা বোকাখাত মহকুমা কবি সন্মিলনৰ মুখ্য প্ৰচাৰ সম্পাদক প্ৰাঞ্জল হাজৰিকাই ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে। তদানীন্তন ‘জন সাধাৰণ’ কাকতত লিখিবলৈ আৰম্ভ কৰি হাজৰিকাই বিভিন্ন কাকত, আলোচনীৰ লগতে সাম্প্ৰতিক সময়ৰ আগশাৰীৰ মাহেকীয়া আলোচনী ‘সাতসৰী’ৰ পৃষ্ঠাত গল্প লিখাৰ চৰ্চা অব্যাহত ৰাখিছে।
‘লাইফ লুপিং’, ‘জীৱন এচাইকেল’, ‘ঠেলা’, ‘চোলা’, ‘গোবৰ পুলি’ আদি গল্পকাৰ হাজৰিকাৰ চৰ্চিত গল্প। গল্পকাৰ প্ৰাঞ্জল হাজৰিকাৰ প্ৰথমখনি গল্প সংকলন শীঘ্ৰে প্ৰকাশৰ পথত বুলি জানিবলৈ দিছে গল্পকাৰ গৰাকীয়ে। একাগ্ৰতাৰে গল্প লিখাৰ চৰ্চা কৰি অহা হাজৰিকাই লাভ কৰা এই সন্মানৰ বাবে বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, সাৰথি নাট্যগোষ্ঠী বোকাখাতৰ লগতে বোকাখাতৰ বহু দল সংগঠন, ব্যক্তিয়ে হাজৰিকালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।