এক গোপন সূত্ৰৰ ভিত্তিত ডিফু চহৰৰ ১ নং পুলিছ পইণ্টৰ ওচৰত উদ্ধাৰ হয় বৃহৎ পৰিমান ড্ৰাগছ (Drugs)৷হেৰইন খিনিৰ ওজন ১ কেজি ৩৬ গ্ৰাম, ইয়াৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা(1Crore) হব বুলি অনুমান কৰা হৈছে
এক গোপন খবৰৰ ভিত্তিত চলিছিল অভিযান ৷কাৰবি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু ডিফু থানাৰ অচি জেএছ খবুঙ আৰু ২০ বিএন চিআৰপিএফ লগতে সংগীয় ষ্টাফৰ সহযোগত চলিছিল অভিযান ৷
হেৰইনখিনি ৰাজস্থানৰ ট্ৰেইনযোগে ডিফুত কাৰোবাক সৰবৰাহ কৰিব আনিছিল ৷হেৰইনখিনিৰ সৈতে আৰক্ষীয়ে দুজন লোকক আটক কৰিছে ৷লোক দুজন ক্ৰমে, ৰাজস্থানৰ চন্দ্ৰ শেখৰ সেন (৪৫) আৰু ধিৰাজ চলাংকি(৩০) এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোক দুজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে