নগাঁও (Nagaon) চহৰৰ যজ্ঞেশ্বৰ শৰ্মা পথত আজি একাংশ উদণ্ড যুৱকে (Youth) ক্ৰিকেট বেটেৰে (With a cricket bat) এজন যুৱকক প্ৰহাৰ (Beating) কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱকজন চহৰখনৰ ফৌজদাৰীপট্টি অঞ্চলৰ আছিকুল আলি বুলি জানিব পৰা গৈছে। যুৱকজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আন একাংশ যুৱকে ।
উল্লেখ্য যে কিবা কথাত কাজিয়াৰ সূত্ৰপাত হোৱাত একাংশ যুৱকে ক্ৰিকেটৰ বেট আৰু ইটাৰে প্ৰহাৰ কৰাৰ ফলত মূমুৰ্ষ হৈ পৰা আছিকুল গুৰতৰভাৱে আহত হয় । পাচত মুৰ্মুষ অৱস্থাত একাংশ প্ৰত্যক্ষদৰ্শীয়ে আহত যুৱকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত (Bhogeshwari Phukanni Civil Hospital) ভৰ্তি (Admit) কৰায় ।
ইপিনে উক্ত ঘটনাৰ লগত জড়িত ৰাহুল বৰা আৰু আয়েশ আলম নামৰ কলেজীয়া ছাত্ৰ দুজনক একাংশ লোকে কৰায়ত্ত কৰি ৰাজপথত আঠু কঢ়াই আৰক্ষীৰ হাতত গতাই দিয়ে । অৱশ্যে দলবদ্ধ আক্ৰমণৰ সৈতে জড়িত বাকীসকল যুৱকে পলায়ন কৰে । কি কাৰণত বিদ্যামন্দিৰ জুনিয়ৰ কলেজত অধ্যয়নৰত ছাত্ৰজনক এনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰা হ’ল সেয়া এতিয়াও ৰহস্যৰ আবৰ্ত্তত ।