সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে “ডক্তৰ বেজবৰুৱা ২” ( Dr. Bezbaruah2) । এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ ( AM Television Private Limited) বেনাৰত সঞ্জীৱ নাৰায়ণৰ দ্বাৰা প্ৰযোজিত এই ছবিখন অসমীয়া চলচিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামীয়ে (Nipan Goswami) পৰিচালনা কৰা আৰু তেওঁক এগৰাকী অভিনেতা হিচাবে দৰ্শকে দেখিবলৈ পৰা শেষৰ খন ছবি। অহা ৩ ফেব্ৰুৱাৰী তাৰিখে অসমৰ বহুকেইটা চিত্ৰগৃহত একেলগে মুক্তি লাভ কৰিব এই ছবিখনে।
১৯৬৯ চনত মুক্তি লাভ কৰিছিল “ডক্তৰ বেজবৰুৱা” ছবিখনৰ প্ৰথমটো সংস্কৰণে লগতে ছবিখনক শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল ১৯৭০ চনত। প্ৰথমটো সংস্কৰণৰ এই ছবিখনত প্ৰয়াত নিপন গোস্বামীয়ে পোনপ্ৰথমবাৰৰ বাবে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাই (Dipen Baruah) সংগীত ক্ষেত্ৰত নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল।
আহিবলগীয়া “ডক্তৰ বেজবৰুৱা” ৰ এই নতুন সংস্কৰণত নিপন গোস্বামীৰ লগতে আদিল হুচেইন, সিদ্ধাৰ্থ নিপন গোস্বামী, তপন দাস, মাধুৰীমা চৌধুৰী, অৰুণ হাজৰিকাকে আদি কৰি বহু ন-পূৰণি শিল্পীয়ে অভিনয় কৰিছে। ৫০ বছৰৰো পূৰ্বে মুক্তিপ্ৰাপ্ত এই ছবিখনৰ এইবাৰৰ চিকুৱেল লিখিছে চিত্ৰনাট্যকাৰ, নাট্যকাৰ আৰু গীতিকাৰ ৰাজদ্বীপে (Rajdweep)।
শেহতীয়া ছবিখনৰ প্ৰতিটো গীতেই মুক্তিৰ পিছতেই বহুল ভাৱে অসমীয়া দৰ্শক-শ্ৰোতাৰ সমাদৰ লাভ কৰিছে। বাণিজ্যিক এই ছবিখনে দৰ্শক সকলক আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰিছে “ডক্তৰ বেজবৰুৱা ২” ৰ নিৰ্মাতা গোষ্ঠীয়ে।