নিশান্ত জৈনৰ এজাহাৰৰ (FIR)ভিত্তিত কেএছএ নেতা ৰাকেশ তেৰাঙক (Rakesh Terang) গ্ৰেপ্তাৰৰ পিছতে জাঙুৰ খাই উঠে কেএছএকে ধৰি ১১ টাকৈ সামাজিক সংগঠন ৷ব্যৱসায়ী (Business man)নিশান্তজৈন অনৈতিক কামত লিপ্ত থকাৰ পিছতো কেএছএ নেতাৰ গ্ৰেপ্তাৰকলৈ অসন্তুষ্টি সংগঠন কেইটাৰ নেতা কৰ্মীৰ সংগঠনকেইটাই আজি বিয়লি শ্ৰীমংগল ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ডিফু চহৰত শ্ৰীমংগলৰ বিৰুদ্ধে কৰে ব্যাপক পষ্টাৰিং৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদক শ্ৰীমংগলৰ স্বত্বাধিকাৰী কৰ্ণিধান জৈনৰ ব্যৱসায়িক অনুজ্ঞা পত্ৰ বাতিলৰ দাবী জনাইছে সংগঠন কেইটাইব্যৱসায়ী পুত্ৰ নিশান্ত জৈনক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে সংগঠন কেইটাৰ নেতা সকলে ৷
বিৰোধিতা কৰা সংগঠনকেইটা ক্ৰমে, কেএছএ, কেএডব্লিউজেএফ, কেএফএ, এছএছএছএনপিএ, ইউকেএডব্লিউএ, কেএছইউ, ইউকেৱাইএ, কেএনচিএ, এচিএফআই আৰু এছৱাইচি ৷