কাৰবি আংলং(Karbi Anglong) জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ বাবে সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম আজি ঘোষণা কৰা হয় ৷ মুখ্য নিৰ্বাচনী বিষয়া ধনছিং তেৰাঙ আৰু নিৰ্বাচনী বিষয়া শশাংক হাজৰিকাই জানিবলৈ দিয়া অনুসৰি বকলীয়াঘাট শাখা সাহিত্য সভাৰ সদস্য তথা বিশিষ্ট সাহিত্যিক ভৱেন কোঁচ বিনা প্ৰতিদ্বন্ধিতাৰে সভাপতি ৰূপে নিৰ্বাচিত হয় ৷
আনহাতে মাঞ্জা শাখা সাহিত্য সভাৰ সদস্য তথা বিশিষ্ট সাহিত়্যিক অতুল বৰুৱা উপসভাপতি আৰু বোকাজান শাখা সাহিত্য সভাৰ সদস্য দিগন্ত বৰা সম্পাদক ৰূপে বিনা প্ৰতিদ্বন্ধিতাৰে নিৰ্বাচিত হয় ৷ উল্লেখ্য যে, কাৰবি আংলং জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ বিভিন্ন পদৰ বাবে যোৱা ২০ জানুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছিল ৷