বোকাখাত (Bokakhat) মহকুমাৰ এখন অগ্ৰণী শিক্ষা অনুষ্ঠান বোকাখাত জাতীয় বিদ্যালয় (Bokakhat Jatiya Bidalai)ত ৩০ জানুৱাৰীত অনুষ্ঠিত হয় আর্যভট্ট বিজ্ঞান কেন্দ্ৰ (Aryabhatta Science Centre)ৰ বার্ষিক বিজ্ঞান ভিত্তিক কাৰ্য্যসূচী অন্তৰ্গত বিজ্ঞান সজাগতা(Science Awareness)সন্দৰ্ভত এক অন্তৰংগ মত বিনিময় আৰু প্ৰশ্নোত্তৰ অনুষ্ঠানৰ।

আর্যভট্ট বিজ্ঞান কেন্দ্ৰ, পশ্চিম গোলাঘাট (বোকাখাত), অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত উপস্থিত থকা বোকাখাত জাতীয় বিদ্যালয় আৰু মহকুমাটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত বিজ্ঞান প্ৰসাৰতা আৰু সজাগতা সন্দৰ্ভত মত বিনিময় আৰু প্ৰশ্নোত্তৰ অনুষ্ঠানত অংশ লয় বিশিষ্ট জেষ্ঠ বিজ্ঞানী, যোৰহাট তাৰকাগৃহৰ তত্বাৱধায়ক ড০ প্ৰনৱজ্যোতি চেতিয়াই।
মানৱ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আৰু বিশাল জৈৱ বৈচিত্ৰৰ লগত মানুহে গম নোপোৱাকৈ কেনেদৰে বিজ্ঞান জড়িত হৈ থাকে এই সন্দৰ্ভত বিস্তৃত আলোচনা কৰে বিশিষ্ট বিজ্ঞানী গৰাকীয়ে। শেহতীয়াকৈ শিৱসাগৰৰ গড়কুশ নাওজানত হোৱা ২৫ টাকৈ শগুনৰ মৃত্যুৰ কাৰণ বিশ্লেষণৰ কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত অসমৰ শিক্ষিত সমাজে বিশেষ চৰ্চা নকৰাকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ কাৰণ হিচাপে শিক্ষিত মানুহৰ বিজ্ঞান মনস্কতাৰ অভাৱক চিহ্নিত কৰে বিশিষ্ট বিজ্ঞানী গৰাকীয়ে।
উল্লেখযোগ্য যে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞান বিষয়ক এখন আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানটোত বিশিষ্ট বিজ্ঞানী গৰাকীক সংগ দিয়ে বোকাখাত জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকলৰ লগতে সাহিত্যিক পেঞ্চনাৰ, বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি নিজৰা বৰঠাকুৰ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পশ্চিম গোলাঘাট (বোকাখাত) সমন্বয়ক তথা বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক নিকুঞ্জ ভূঞা, আন্তঃৰাষ্ট্ৰীয় চিত্ৰশিল্পী পাপু ঘোষে।
অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখে প্ৰয়াস অধ্যয়ন চক্ৰৰ সম্পাদক সোণেশ্বৰ নৰহে। অনুষ্ঠানটোৰ আঁত ধৰে বোকাখাত জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী , কবি মনালিছা শইকীয়াই।