২০২৩ চনৰ নতুন বছৰৰ প্ৰথম মাহ জানুৱাৰী মাহৰ ২৯ দিন গৈছে। মাহটোত আৰু দুদিন বাকী। আৰু এই ২৯ দিনত কমেও ৫৫ জন লোকক মৃত্যুদণ্ড (Death penalty for 55 people) দিছে ইৰাণ চৰকাৰে (Government of Iran)! এই তথ্য শেহতীয়াকৈ ইৰাণত কাম কৰা নৰৱেৰ মানৱ অধিকাৰ সংস্থা “আই এইচ আৰ”-এ প্ৰকাশ কৰিছে।

ইৰাণে চলিত বৰ্ষৰ প্ৰথম ২৬ দিনত কমেও ৫৫ জনৰ মৃত্যুদণ্ড নিশ্চিত কৰিছে বুলি আই এইচ আৰে প্ৰকাশ কৰিছে। হিজাব বিতৰ্কক লৈ প্ৰতিবাদে জুৰুলা কৰা দেশখনৰ প্ৰতিবাদকাৰীসকলৰ মাজত শংকাৰ সৃষ্টিৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি দাবী কৰে।
প্ৰশাসনৰ বিৰুদ্ধে গʼলেই ইয়াৰ পৰিণাম কিমান ভয়াৱহ হʼব পাৰে সেয়া প্ৰমাণ কৰিবলৈ মৃত্যুদণ্ডৰ হাৰ বৃদ্ধি কৰা বুলি বিভিন্ন মহলে কয়। আন এটা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ মতে, হিজাবৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত চলিত মাহত এতিয়ালৈকে চাৰিজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।
ইয়াৰ ভিতৰত কনিষ্ঠতমৰ বয়স ১৮ বছৰ। তদুপৰি, হিজাব সন্দৰ্ভত চৰকাৰবিৰোধী প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলৰ মাজত ১০৭জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। আই এইচ আৰৰ সঞ্চালক মাহমুদ আমিৰী মোগদ্দামে কয় যে চৰকাৰে কৰা মৃত্যুদণ্ডৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য আছে। মূলতঃ মানুহৰ মনত ভয়ৰ সৃষ্টি কৰিবলৈ এইবোৰ কৰা হৈছে।