যোৱা ১৬ ক্ষেব্ৰুৱাৰীৰ পৰা ডিফুৰ কাছা খেল পথাৰত(KASA Stadium) কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council) আৰু কাৰবি আংলং ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত চলি থকা দ্বিতীয় আন্তঃ এমএচি ক্লাৱ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত কৰকাণ্ঠি দলৰ হাতত বিথুং ৰেংথামা দল ৪-৩ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷

তীব্ৰ প্ৰতিদ্বন্ধিতা মূলক খেলখনৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে উজ্জিৱিত খেল প্ৰদৰ্শন কৰে ৷ খেলৰ প্ৰথমাৰ্ধত ১ মিনটতে বিথুং ৰেংথামা দলৰ হৈ কিৰাটপ’ ১ গ’ল দি দলক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে৷ ইপিনে কৰকাণ্ঠি দলৰ হৈ কামচিং ৰংহাঙ আৰু মিথিংগা বসুমতাৰীয়ে ক্ৰমে, ১৬ আৰু ৩৩ মিনিটত দুটাকৈ গ’ল দি কৰকাণ্ঠিত ২-১ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় ৷
পুণৰ বিথুং ৰেংথামাৰ হৈ ছাজিত জিদুংচাই কৰকাণ্ঠিৰ দলৰ নেটত আন এটা গ’ল দি সমতা স্থাপন কৰে ৷ খেলৰ দ্বিতীয়াৰ্ধত কৰকাণ্ঠি দলৰ হৈ এলচন এক্কা আৰু মিৰজেং ৰংপিয়ে ক্ৰমে ৬৫ আৰু ৬৮ মিনিটত আৰু দুটা গ’লেৰে দলক ৪-২ স্থানত উপণীত কৰায় ৷ আনহাতে বিথুং ৰেংথামা দলৰ হৈ ছাজিত জিদুঙে পুণৰ ৮৯ মিনিটত এটা গ’ল দি দলৰ স্কৰ ৩ লৈ নিবলৈ সক্ষম হয় যদিও বিথুং ৰেংথামা দলে পিছত আৰু গ’ল দিবলৈ সক্ষম নোহোৱাৰ ফলত দলটো কৰকাণ্ঠি দলৰ হাতত মূৰকত ৪-৩ গ’লৰ ব্যৱধানত পৰাজয় বৰণ কৰিব লগীয়া হল ৷
ফলস্বৰুপে দ্বিতীয় আন্তঃ এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতি়েগিতাৰ চূড়ান্ত খেলখন লুম্বাজং দল আৰু কৰকাণ্ঠিয়ে খেলাৰ যোগ্যতা অৰ্জন কৰিলে ৷ চূড়ান্তখেলখন ৩ ফেব্ৰুৱাৰীত ডিফু কাছা খেলপথাৰ ফ্লাড লাইটৰ মাজত অনুষ্ঠিত কৰা হব বুলি জানিব পৰা গৈছে ৷
আনহাতে আজিৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কৰকাণ্ঠি দলৰ হৈ কামচিং ৰংহাঙে ৷খেলখন পৰিচালনা কৰে বাজ’ তিচ’ ৷ তেওঁক লাইনত সহায় কৰে ক্ৰমে, অমন বৰদলৈ আৰু ধানেশ শ্বাহে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে বলন টকবীপীয়ে ৷