লংকাৰ ইছালাম বস্তিত (Isalam slum in Lanka) ৰহস্যজনক অৱস্থাত বহিঃৰাজ্যৰ ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ (Truck driver’s body found)।নিশা ট্ৰাকৰ কাম কৰাবলৈ AS-09-AC-5996 নম্বৰৰ ট্ৰাক লৈ চালকজন প্ৰবেশ কৰিছিল বিধান চন্দ্ৰ বডি গেৰেজ নামৰ এক ট্ৰাকৰ গেৰেজত। ট্ৰাক চালকজনৰ লগত আছিল হেন্দিমেন।
নিশা দেৰি হোৱাত ট্ৰাক চালক আৰু হেন্দিমেন গাড়ীৰতে টোপনি মাৰিছিল। কিন্তু পুৱা দেৰি লৈকে ট্ৰাকৰ কেবিনৰ দুৱাৰ নুখুলাত ৰাইজৰ সন্দেহ উপজাত ট্ৰাকৰ কেবিনৰ দুৱাৰ ভাঙি প্ৰত্যক্ষ কৰে ট্ৰাক চালকৰ মৃতদেহ। বৰ্তমান পলাতক অৱস্থাত ট্ৰাকৰ হেণ্ডিমেন (Truck handyman on the run)।
ট্ৰাকৰ হেণ্ডিমেনে টকাৰ লোভত চালকক লুটপাট কৰি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ। ট্ৰাক চালকৰ গাত বহু ঠাইত আঘাটৰ চিন স্পষ্ট হোৱাৰ লগতে তেজেৰে লুতুৰি পতুৰি হৈ আছিল চালকজন।বহিঃৰাজ্যৰ চালকৰ লগত এনে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। লংকা আৰক্ষী ঘটনাস্থলী উপস্থিত হৈ তদন্ত অব্যাহত।