কোকৰাঝাৰ জিলা উপায়ুক্ত(Deputy Commissioner) কাৰ্যালয়ত সংঘটিত হৈছে এক আজৱ ঘটনা। কেৰি বেগত টিফিন সোমোৱাই ননাৰ বাবে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পিয়ন দীপক দাসক জিলা উপায়ুক্ত বৰ্ণালী ডেকাই শাৰিৰীক প্ৰহাৰ কৰে।
ইয়াৰ উপৰিও, উপায়ুক্ত গৰাকীৰ ওপৰত কৰ্মচাৰী সকলক মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে। শেহতীয়াকৈ পিয়ন গৰাকীয়ে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।