পুনৰ কাঠমাণ্ডু (Khatmandu)কাণ্ড। ত্ৰিভুৱন দাস আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (Tribhuvan Das International Airport) সকলো বিমান বাতিল (Flight cancelled) কৰা হৈছে। বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে, যান্ত্ৰিক সমস্যাৰ (Mechanical problems) বাবে এই সিদ্ধান্ত লোৱা হৈছে। যদিও এই সন্দৰ্ভত এতিয়াও কৰ্তৃপক্ষই বিতংভাৱে একো ঘোষণা কৰা নাই।
উল্লেখ্য, ১৫ জানুৱাৰীত নেপালত এক বৃহৎ বিমান দুৰ্ঘটনা সংঘটিত হয়। পোখাৰা চহৰৰ নতুন আৰু পুৰণি বিমানবন্দৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয় য়েটি এয়াৰলাইন্সৰ এখন বিমান। ৭২ জন যাত্ৰীৰ মৃত্যু হয়। তাৰ ভিতৰত আছিল পাঁচজন ভাৰতীয়। কাঠমাণ্ডুৰ ত্ৰিভুৱন দাস বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। গন্তব্যস্থান আছিল পোখাৰা। অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে সেতী নদীৰ পাৰত ভূপতিত হয়।