সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি আজি কাৰবি আংলং (Karbi Anglong) জিলাৰ অন্তৰ্গত ডিফু আৰু হাওৰাঘাট (Diphu and Hawraghat) নিৰ্বাচনী সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ (Photodited voter list released) কৰে৷ আজি ডিফুস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা নিৰ্বাচনী বিয়য়া তথা উপায়ুক্ত মধুমিতা ভাগৱতী আৰু নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়াই আনুষ্ঠানিকভাবে একাংশ ৰাজনৈতিত দলৰ প্ৰতিনিধি আৰু সাংবাদিকৰ উপস্থিতিত প্ৰকাশ কৰে ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা ২০২৩ ৷
সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মধুমিতা ভাগৱতীয়ে সদৰি কৰা অনুসৰি চূড়ান্ত ভোটাৰ তালিকাখনত ডিফু নিৰ্বাচনী জিলাত মুঠ ২০৯৬৮৩ গৰাকী ভোটাৰ আৰু হাওৰাঘাট নিৰ্বাচনী জিলাত মুঠ ১৩৬২২৭ গৰাকী ভোটাৰৰ নাম প্ৰকাশ পাইছে ৷
হাওৰাঘাট নিৰ্বাচনী জিলাত মুঠ পুৰুষ ৬৭হাজাৰ ৩৮৫ গৰাকী ভোটাৰ আৰু মহিলা ভোটাৰ ৬৮৮৪২ গৰাকী ভোটাৰ ৷ ডিফু নিৰ্বাচনী জিলাত পুৰুষ ভোটাৰ ১০৪৫৯৯ আৰু মহিলা ভোটাৰ হৈছে ১০৫০৮৪ গৰাকী ৷ ডিফু নিৰ্বাচনী জিলাত পুৰুষ আৰু মহিলাৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ১২৪২ গৰাকী আৰু হাওৰাঘাট নিৰ্বাচনী জিলাত পুৰষ আৰু মহিলাৰ ভোটাৰ বৃদ্ধিৰ সংখ্যা ১৬৭৭ গৰাকী ৷
০৯/১/২০২২ বৰ্ষত ডিফু নিৰ্বাচনী জিলাত ২০৮৪৪১ গৰাকী ভোটাৰ আছিল ৷ সংক্ষিপ্ত সংশোধনীৰ জৰিয়তে ১৭৬০ গৰাকী ভোটাৰ যোগ কৰা হৈছে ৷ নাম কৰ্তন হৈছে ৫১৮ গৰাকী ৷ আনহাতে হাওৰাঘাট নিৰ্বাচনী জিলাত মুঠ ভোটাৰ আছিল ১৩৫৭৯২ গৰাকী, সংক্ষিপ্ত সংশোধৰণীৰ জৰিয়তে অতিৰিক্ত ভাবে ১০৩৫ গৰাকী সংযোগ কৰা হৈছে আৰু কৰ্তন কৰা হৈছে ৬০০ গৰাকী ৷
আনহাতে উপায়ুক্ত গৰাকীয়ে কয়যে, নিৰ্বাচনী আয়োগে দিয়া সুবিধা অনুসৰি বছৰত তিনিমাহৰ মূৰে মূৰে নতুন ভোটাৰ সকলে নতুন নাম অন্তৰ্ভূক্ত কৰিব পাৰিব ৷ লগতে দুয়োখন নিৰ্বাচনী জিলাতে পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে বুলি জানিবলৈ দিছে ৷