সংশোধিত ভোটাৰ তালিকাত (Final electoral rolls)বৃদ্ধি পালে ভোটাৰৰ সংখ্যা। অসমত ৩ মাহত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে প্ৰায় আঢ়ৈ লাখ। দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পাই ৪ লাখ ২৩ হাজাৰ ৩০৭ জন হৈছেগৈ। এই বৃদ্ধিয়ে শেহতীয়াকৈ ইতিমধ্যে অভিলেখ স্থাপন কৰিছে।
উল্লেখ্য যে, গুৱাহাটীৰ চাৰিটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৭৯ হাজাৰ ৪৬৭ গৰাকী। ইয়াৰ মাজত পুৰুষ ভোটাৰৰ সংখ্যা ১,২১,২৮,৫৪৩ গৰাকী আনহাতে মহিলা ভোটাৰৰ সংখ্যা ১,১৯,৮২, ৮০৪ গৰাকী। ইয়াৰোপৰি, তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে মুঠ ৩৯৬ গৰাকী।